Elon Musk : টেছলাৰ প্ৰতিষ্ঠাপক এলন মাস্ক ‘টাইম পাৰ্ছন অৱ দ্য ইয়েৰ’ নিৰ্বাচিত

5ef2fb82d10c2.image

বৈদ্যুতিক গাড়ী নির্মাতা প্রতিষ্ঠান টেছলাৰ প্ৰতিষ্ঠাপক, মহাকাশ উদ্যোগী এলন মাস্ক ‘টাইম পাৰ্ছন অৱ দ্য ইয়েৰ’ নির্বাচিত হ’ল। বিশ্বখ্যাত আলােচনীখনে মাস্কক এই সম্মান প্রদান কৰি কয় যে ৫০ বছৰীয়া মাস্ক হৈছে বাস্তৱত প্রযুক্তিৰ এক চুম্বক।

‘টাইম’ আলােচনীয়ে ১৯২৭ৰ পৰা ‘পাৰ্ছন অৱ দ্য ইয়েৰ’ নির্বাচন কৰি আহিছে। চলিত বৰ্ষত এই সন্মানৰ বাবে বিখ্যাত আলােচনীখনে মাস্কক নির্বাচন কৰাৰ কাৰণ হৈছে টেছলাৰ প্ৰতিষ্ঠাপকনে স্পেট ৱানৰ জৰিয়তে মহাকাশ প্রযুক্তিৰ উন্নয়ন আগবঢ়োৱা অৱদান।

‘টাইম’ৰ মুখ্য সম্পাদক এডৱৰ্ড ফেলচেনথলে কয়, ‘পাৰ্ছন অৱ দ্য ইয়েৰ’ৰ অৰ্থ হৈছে যি ব্যক্তিয়ে বিশ্বক বৰ্ষটোত প্ৰভাৱিত কৰিছিল।

এই কথাত কাৰাে দ্বিমত নাথাকিব যে এলন মাস্কে এই ধৰাৰ লগতে ধৰাৰ বাহিৰতাে যি প্ৰভাৱ পেলালে সেয়া আন কোনাে ব্যক্তিয়ে কৰিব পৰা নাই।’

উল্লেখ্য যে ২০২১ বৰ্ষত মাস্কৰ মালিকানাধীন প্রতিষ্ঠান স্পেচ ৱানে নাছাৰ স’তে মহাকাশ গৱেষণাত অংশ লােৱাৰ লগতে মহাকাশ পর্যটন অভিযান সফলতাৰে সম্পন্ন কৰিছিল।

‘টাইম’ৰ মতে, মাস্ক সামাজিক আৰু অর্থনৈতিকভাৱে বর্তমান বিশ্বত সবাতােকৈ প্ৰভাৱশালী ব্যক্তি হিচাপে পৰিচিত হৈছে। উল্লেখ্য যে মাস্ক হৈছে বৰ্তমানৰ বিশ্বৰ সবাতােকৈ ধনাঢ্য ব্যক্তি।

Exit mobile version