Protein for Vegetarians : নিৰামিষভোজী নেকি আপুনি ? জানক সবিশেষ কোনবোৰ খাদ্যত পর্যাপ্ত প্র’টিন পাব

Feature 7

যিসকলে আমিষ নাখায়, তেওঁলোকে প্ৰায়ে এটা প্রশ্নৰ সন্মুখীন হ’বলগীয়া হয় — তেওঁলোকে শৰীৰত প্র’টিনৰ প্ৰয়োজনীয়তা কেনেদৰে পূৰণ কৰে ! কাৰণ প্র’টিনে শৰীৰৰ শাৰীৰবৃত্তীয় প্রক্রিয়াবোৰৰ বাবে অত্যাবশ্যক শক্তি সৰবৰাহ কৰে আৰু আমাৰ দৈনন্দিন খাদ্যাভ্যাসৰ এটা গুৰুত্বপূর্ণ অংশ । সৰুৰে পৰাই জীৱ বিজ্ঞানৰ দ্বাৰা আমাক শিকোৱা হয় যে কণী, মাছ, মাংস প্রভৃতি আমিষ খাদ্যত প্র’টিন থাকে যিয়ে আমাৰ শৰীৰত প্ৰয়োজনীয় শক্তি বা এনার্জি সৰবৰাহ কৰে ।

অথচ বিশ্বৰ বহু বিখ্যাত ক্রীড়াবিদেই নিৰামিষভোজী । তদুপৰি প্ৰসিদ্ধ অমিতাভ বচ্চন, কৰিনা কাপুৰৰ দৰে জনপ্ৰিয় বহু তাৰকাইও সম্পূৰ্ণ নিৰামিষ খাদ্য খাই সকলো ছবিতে দুর্ধর্ষ অভিনয় কৰিছে । তেওঁলোকৰ শৰীৰত নিশ্চিত এনার্জিৰ কোনো নাটনি নাই । ইয়াৰ পৰা বুজিব পাৰি যে বিবিধ নিৰামিষ খাদ্যতো পূৰ্ণ মাত্রাত প্র’টিন থাকে ।

বহু উদ্ভিদজাতীয় খাদ্য আছে যি প্র’টিন সমৃদ্ধ । নিৰামিষভোজীসকলৰো তেওঁলোকৰ প্ৰ’টিনৰ মাত্রা বৃদ্ধি কৰাৰ প্রচুৰ বিকল্প আছে ।

বিন
ছয়াবিনত পূৰ্ণ মাত্রাযত প্র’টিন থাকে । ইয়াৰ উপৰি ৰাজমাহ জাতীয় বিনবোৰো প্র’টিনৰ দুর্দান্ত উৎস । প্রকৃতাৰ্থত, সকলো ধৰণৰ বিন সর্বভাৰতীয় খাদ্যৰেই একোটা অংশ আৰু স্থানীয় যিকোনো বজাৰত সহজে উপলব্ধ ।

ডালি
প্রত্যেক ভাৰতীয় ৰন্ধনশালীতে ডালি এটা অবিচ্ছেদ্য অংগ । সকলো প্ৰকাৰৰ ডালিতেই প্র’টিন থাকে বুলি মত প্ৰকাশ কৰে বিশেষজ্ঞসকলে । বিশেষকৈ মুছুৰ ডালিত প্ৰ’টিনৰ মাত্রা অধিক । তদুপৰি, মগু, ৰহৰ ডালিত আৱশ্যক মাত্ৰাত প্র’টিন থাকে ।

বাদাম
আলমন্দ, কাজু, পিস্তা, আখৰোটতো থাকে বিশেষ সমৃদ্ধ প্র’টিন । বাদামত থকা ফচফৰাছ, ছেলেনিয়াম , মেগনেছিয়াম, কেলছিয়াম শৰীৰৰ বাবে উপকাৰী । নিৰামিষভোজীসকলে যদি নিত্য ডায়েটত কম পৰিমাণে হ’লেও বাদাম ৰাখে তেন্তে তেওঁলোকে প্র’টিনৰ নাটনিক লৈ আৰু দুশ্চিন্তাত ভুগিব নালাগে ।

অ’টছ
স্বাস্থ্য সচেতন সকলক প্ৰায়ে অ’টছৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায় । কিন্তু অ’টছত পুষ্টিৰ লগতে থকা প্র’টিন শৰীৰৰ বাবে বিশেষ উপকাৰী । সেয়ে আমিষ খাদ্য গ্ৰহণ নকৰা লোকসকলৰ ডায়েটত নিয়মিত অ’টছ ৰখা অত্যন্ত জৰুৰী ।

Exit mobile version