আফগানিস্তানৰ ক্ষুধা দূৰ কৰিবলৈ ৰাষ্ট্ৰসংঘক প্ৰয়োজন ২২ কোটি ডলাৰৰ

bl09thinkfood1

আফগানিস্তান তালিবানে দখল কৰাৰ পাছৰে পৰা দেশখনৰ আৰ্থিক অৱস্থা দুৰ্দশাগ্ৰস্ত হৈছে । বিশেষকৈ খাদ্যৰ অভাৱত আফগান নাগৰিকে সম্প্ৰতি দেশখনত হাহাকাৰ কৰিব লগা হৈছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব খাদ্য কৰ্মসূচী (ডব্লিউ এফপি)এ প্ৰকাশ কৰা অনুসৰি, ৰাষ্ট্ৰসংঘ ২.৩ কোটি আফগান নাগৰিকক খাদ্যৰ যোগান ধৰিবলৈ প্ৰতি মাহে ২২ কোটি মাৰ্কিন ডলাৰৰ প্ৰয়োজন হৈছে ।

ADVERTISEMENT

ডব্লিউ এফ পিৰ বিষয়া মেৰী এলেন মেকগ্ৰাটীয়ে প্ৰেছ বিজ্ঞপ্তিত কয়, ‘আফগানিস্তানত ক্ষুধা আৰু অভাৱ দূৰ কৰিবলৈ আমি হিমস্খলনৰ সন্মুখীন হৈছো । ডব্লিউ এফ পিয়ে পূৰ্বে কেতিয়াও অভাৱৰ সন্মুখীন হোৱা নাছিল । কিন্তু ২০২২ত ২.৩ কোটি আফগান নাগৰিকক প্ৰতি মাহে খাদ্যৰ যোগান ধৰিবলৈ ২২ কোটি মাৰ্কিন ডলাৰৰ তৎকালীন প্ৰয়োজন হৈছে ।’

উল্লেখ্য যে পূৰ্বে ডব্লিউ এফ পিয়ে বিশ্বৰ ধনাঢ্য ব্যক্তিসকলক ধন দান কৰি বিশ্বৰ পৰা ক্ষুধা দূৰ কৰিবলৈ আহ্বান জনাইছিল ।

Exit mobile version