ওদালগুৰিত বড়ো লোকনৃত্য, জ্যোতি সংগীত আৰু বনগীতৰ কৰ্মশালা

040e213f 1f31 42a9 be91 9e9219cec854

বিটিআৰ সাংস্কৃতিক বিভাগৰ অধীনত আৰু ওদালগুৰি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আজিৰে পৰা এসপ্তাহযোৰা বড়ো লোকনৃত্য, জ্যোতি সংগীত আৰু বনগীতৰ কৰ্মশালা আৰম্ভণি হয়।

বড়ো লোকনৃত্যৰ কৰ্মশালা উপলক্ষে আজি দিনৰ দুই বজাত ওদালগুৰি খেৰাই ডান্স কোচিং চেণ্টাৰৰ উদ্যোগত বগৰীগুৰি জৌংচাৰ ইউথ ক্লাৱৰ বাকৰিত কৰ্মশালাৰ আৰম্ভণি কৰে।

প্ৰায় অৰ্দ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ওদালগুৰি সাংস্কৃতিক উন্নয়ণ বিষয়া যুগান্ত বায়নে।

কৰ্মশালাখনিত প্ৰশিক্ষকৰূপে অংশগ্ৰহণ কৰে থানেশ্বৰ বড়োৱে। আজিৰে পৰা আৰম্ভ হোৱা কৰ্মশালাখন উদ্বোধন কৰি সাংস্কৃতিক উন্নয়ণ বিষয়া বায়নে কয় যে “বিটিআৰ প্ৰশাসনৰ উদ্যোগত বিভিন্ন জনগোষ্ঠীৰ মাজত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে।

ইয়াৰ জৰিয়তে বিভিন্ন জনগোষ্ঠীৰ মাজত হেৰাই যাব বিচৰা লোকনৃত্য তথা সংগীতসমূহক ধৰি ৰখাৰ স্বাৰ্থত এনে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আগন্তুক দিনতো বিটিআৰ প্ৰশাসনৰ উদ্যোগত বিভাগটোৱে এনে কৰ্মশালা অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

একেদৰে বিটিআৰ সাংস্কৃতিক বিভাগৰ অধীনত আৰু ওদালগুৰি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু ওদালগুৰি সাহিত্য সভাৰ সহযোগত সাহিত্য সভা ভৱনত জ্যোতি সংগীত আৰু বনগীতৰ কৰ্মশালাৰ আৰম্ভণি কৰে ওদালগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৰেশ্বৰ ডেকাই। প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিৱেক দাস।

ওদালগুৰি সাহিত্য সভাত অনুষ্ঠিত আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে ওদালগুৰি সাংস্কৃতিক উন্নয়ণ বিষয়া যুগান্ত বায়ন, ওদালগুৰি সাহিত্য সভাৰ সভাপতি-সম্পাদক ক্ৰমে কমলাকান্ত শৰ্মা, অজয় কলিতাৰ লগতে বিভিন্নজনে। কৰ্মশালাৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।

Exit mobile version