ওদালগুৰিত হেৰ’ইনসহ দুই যুৱকক গ্ৰেপ্তাৰ

2236439f 3ace 4838 9191 46dce2b45091

আজি ওদালগুৰি জিলাৰ অন্তৰ্গত ৰৌতা আৰক্ষীয়ে অভিযান চলাই মাৰাত্মক নিছাযুক্ত হেৰ’ইনসহ দুজন পেডলাৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰা অনুসৰি, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত দিনৰ প্ৰায় ১১বাজি ৪৫ মিনিটত ৰৌতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মলয় আচাৰ্য্যসহ আৰক্ষীৰ এটা দলে থানাখনৰ অন্তৰ্গত আমিনপাৰাত এক অভিযান চলায়।

অভিযানকালত আৰক্ষীৰ দলটোৱে গাওঁখনৰ পৰা দুজন ড্ৰাগছ পেডলাৰ ক্ৰমে বৰপুখুৰীৰ দিপক গুপ্তা(২২) আৰু বিশ্বনাথ জিলাৰ বিহালী থানাৰ অন্তৰ্গত বৰগাওঁৰ বিজয় সাহু(২৫)ক গ্ৰেপ্তাৰ কৰে।

ধৃত যুৱক দুজনৰ পৰা আৰক্ষীয়ে ১২.২৩ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ কৰাৰ লগতে নম্বৰ প্লেটবিহীন এখন মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত ৰৌতা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version