দক্ষিণ ছুডানত অ’মিক্ৰন আতংকৰ মাজতে অজানা ৰোগত মৃত্যু ৮৯ জনৰ

Female Doctor Covid Test 1296x728 header 1296x729 2

কৰ’না ভাইৰাছৰ নতুন প্ৰজাতি অ’মিক্ৰনৰ আতংকৰ মাজতে আফ্ৰিকাত এক ৰহস্যময় ৰোগৰ প্ৰাদুৰ্ভাৱ প্ৰত্যক্ষ হ’ল । দক্ষিণ ছুডানৰ জুংলেই ৰাজ্যৰ উত্তৰাঞ্চলৰ চহৰ ফাংগাকত এক অচিন ৰোগত যথেষ্টসংখ্যক ৰোগীৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই অঞ্চলৰ আক্ৰান্তৰ নমুনা সংগ্ৰহৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই ইতিমধ্যে বিজ্ঞানীৰ এটা দল প্ৰেৰণ কৰিছে ।

হুৰ বিষয়াই প্ৰকাশ কৰা অনুসৰি এই ৰহস্যময় ৰোগ নিৰ্ধাৰণ আৰু তদন্তৰ বাবে বিশেষজ্ঞৰ দল প্ৰেৰণ কৰা হৈছে । বৰ্তমানলৈকে এই অজানা ৰোগত অঞ্চলটোত ৮৯ জন লোকৰ মৃত্যু হৈছে । দক্ষিণ ছুডানৰ যি অঞ্চলত ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে, সেই অঞ্চলত কিছুদিন পূৰ্বে ভয়াৱহ বান সমস্যাই দেখা দিছিল ।

ছুডানৰ ভূমি আৰু আৱাসন মন্ত্ৰী লাম টুংয়াৰ কুইগঙে প্ৰকাশ কৰা মতে, জুংলেই সীমান্তৱৰ্তী ৰাজ্যত ভয়াৱহ বানৰ পাছৰে পৰা মেলেৰিয়া সদৃশ ৰোগৰ প্ৰকোপ বৃদ্ধি পাইছে । খাদ্যৰ অভাৱতো অঞ্চলটোৰ শিশু পুষ্টিহীনতাত ভোগা বুলি মন্ত্ৰীজনে জানিবলৈ দিয়ে । অঞ্চলটোৰ পানীত তেল মিহলি হোৱাৰ ফলত জলপ্ৰদূষণ বৃদ্ধি পাইছে আৰু ফলত বহু পোহনীয়া জীৱ-জন্তুৰো মৃত্যু হৈছে ।

Exit mobile version