Shah Rukh Khan : স্বস্তিৰ নিশ্বাস, শ্বাহৰুখৰ পাছত এইবাৰ কামলৈ উভটিল গৌৰী

1639640525 gauri

দীর্ঘ বিতৰ্কৰ পাছত বিৰতি। তৰ্ক- বিতৰ্ক ,আইনী জটিলতাৰ অন্তত স্বস্তিৰ নিশ্বাস লৈছে খান পৰিয়ালে। আৰিয়ান খান ঘৰ উভতাৰ পাছত লাহে লাহে পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিছে ‘মন্নত’ ।

ছবি দৃশ্যগ্ৰহণৰ বাবে দ্ৰুত গতিত প্ৰস্তুতি আৰম্ভ কৰিছে শ্বাহৰুখে ।অভিনেতাজনৰ পাছতে আগবাঢ়ি আহিল পত্নী গৌৰীও ।

পুত্ৰ আৰিয়ানক গ্ৰেপ্তাৰৰ পাছত ৰাজহুৱাকৈ প্ৰকাশত অহা নাছিল গৌৰী খান। ‘মন্নত’ৰ চাৰিবেৰৰ মাজতে তেওঁৰ সন্তানৰ বাবে দিন-ৰাতি প্ৰাৰ্থনা কৰি আছিল।

এইবাৰ পৰিস্থিতি স্বাভাৱিক হোৱাত কামলৈ উভটিল শ্বাহৰুখৰ পত্নী।ব্যৱসায়ী ফাল্গুনী আৰু শ্বেনৰ নতুন বিপনিক সজাই তুলিছে আভ্যন্তৰীণ সজ্জা বিশেষজ্ঞ গৌৰীয়ে ।

ইতিমধ্যে দুয়োজন ব্যৱসায়ীৰ স’তে বৈঠকতো বহিছে । সেই ভিভিঅ’ সম্প্রতি ইনষ্টাগ্ৰামত প’ষ্ট কৰিলে গৌৰীয়ে । লগতে প্ৰকাশ কৰিলে নিজৰ হাতৰ সজোৱা বিপনিৰ কেবাটাও আভাস । গৌৰীক পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ দেখি উৎসাহিত শ্বাহৰুখৰ বান্ধৱী, পৰিচালক ফাৰহা খান।

বৰ্তমান, খান পৰিয়ালত এক সকাহৰ পৰিৱেশ । বুধবাৰে বোম্বাই উচ্চ ন্যায়ালয়ে জনাইছে যে আৰিয়ানে আৰু ড্ৰাগ বিৰোধী সংস্থাৰ কাৰ্যালয়ত সাপ্তাহিক উপস্থিত হ’ব নালাগে।

Exit mobile version