অবৈধ মৎস্যচিকাৰত বহু কোটিৰ লেনদেন

একোখন বিলৰ বাবদ উৎকোচ আদায় ছয়-সাত লাখ পৰ্যন্ত

shutterstock 589960103

নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰত প্ৰৱেশ কৰি চোৰাং মাছমৰীয়াৰ দলে দলবদ্ধভাৱে মাছ মাৰি থকাটো অতি ৰহস্যজনক বিষয় । ইয়েই প্ৰমাণ কৰে অভয়াৰণ্য দুখনৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ । উল্লেখ্য যে লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ ফৰেষ্ট ৰেঞ্জ অফিচ ক্ৰমে সুঁতিৰপাৰ, গড়াজান, লাওখোৱা আৰু ধনীয়াত অৱস্থিত । অভিযোগ অনুসৰি, এই ৰেঞ্জ অফিচত নিয়োজিত ৰেঞ্জাৰসকলে অভয়াৰণ্যৰ ভিতৰত প্ৰৱেশ কৰি পৰ্যবেক্ষণ নকৰে । ডিএফঅ’ৱেও অভয়াৰণ্যৰ ভিতৰলৈ গৈ পৰিস্থিতিৰ বুজ লোৱাৰ বিপৰীতে জীপৰে মথাউৰিৰ ওপৰে ওপৰেহে নিৰীক্ষণ কৰে ।

ইপিনে, ৰেঞ্জাৰসকলে ডিএফঅ’ৰ আগমনৰ বতৰা পালেহে ৰেঞ্জ অফিচৰ পৰা বাহিৰ ওলায় বুলিও অভয়াৰণ্যৰ দাঁতি-কাষৰীয়া অঞ্চলৰ ৰাইজে অভিযোগ তুলিছে । সূত্ৰত প্ৰকাশ যে লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰৰ বিলসমূহৰ কাষতে ফৰেষ্ট কেম্পসমূহ অৱস্থিত । দুৰ্গম সেই বিলসমূহত বন বিভাগৰ লোকে নিতৌ পহৰা দি নাথাকে । যিহেতু উচ্চ পদস্থ বিষয়াসকলে অভয়াৰণ্যৰ ভিতৰলৈ কাচিৎহে যায় সেয়েহে তল খাপৰ বিষয়া-কৰ্মচাৰীসকলে অভয়াৰণ্যৰ ভিতৰৰ বিলসমূহ পহৰা দিয়াৰ ক্ষেত্ৰত গাফিলতি কৰে । ৰেঞ্জ অফিচ, বীট অফিচ, কেম্পসমূহত থাকিয়েই অভয়াৰণ্যৰ ভিতৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা বুলি বন্যপ্ৰাণী সংমণ্ডলৰ শীৰ্ষ বিষয়াসকলক প্ৰতিবেদন দি থাকে ।

অভিযোগ অনুসৰি, লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰৰ বিলসমূহত মাছ মাৰিবৰ বাবে চোৰাং মাছমৰীয়াৰ দলৰ স’তে তলখাপৰ একাংশ বিষয়া-কৰ্মচাৰীৰ মৌখিকভাৱে চুক্তি সম্পাদিত হয় । কোনো এখন বিলত এটা বছৰত মাছ মৰাৰ মৌখিক অনুমতিৰ বাবদ চোৰাং মাছমৰীয়াৰ চৰ্দাৰে একাংশ দুৰ্নীতিগ্ৰস্ত ৰেঞ্জাৰ আৰু বীট বিষয়াক ছায়-সাত লাখ টকা পৰ্যন্ত আদায় দিয়ে । সুদীৰ্ঘ ২৪-২৫ বছৰ ধৰি লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যত এই অনিয়ম চলি আছে বুলি দাঁতি-কাষৰীয়া অঞ্চলৰ একাংশ সচেতন ৰাইজে অভিযোগ তুলিছে ।

অভিযোগ অনুসৰি, এচাম মধ্যস্থতাকাৰীৰ জৰিয়তে চোৰাং মাছমৰীয়া আৰু দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ মাজত অভয়াৰণ্যৰ ভিতৰৰ বিলসমূহত মাছ ধৰাৰ অনুমতিৰ বাবদ অবৈধ মৌখিক চুক্তি সম্পন্ন হয় কমেও ১৫-২০টা চোৰাং মাছমৰীয়া দলৰ । অৰ্থাৎ একোটা দলে দুই লাখৰ পৰা সাত লাখ পৰ্যন্ত প্ৰতি বিলৰ বাবদ আদায় দিয়ে । এনে বিলৰ সংখ্যা ২৯ খন । অভিযোগ অনুসৰি এইদৰে ১৫-২০টা চোৰাং দলে ২৪ খন বিলৰ বাবদ আদায় দিয়া উৎকোচৰ ফলত কে’বা কোটি টকাৰ লেনদেন হয় । একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ স’তে চোৰাং মাছমৰীয়াৰ অবৈধ মৌখিক চুক্তি সম্পন্ন হয় । তলখাপৰ বিষয়া-কৰ্মচাৰীৰ ধমকৰ ভয়তেই কেম্পত থকা বনৰক্ষীসকলে সকলো দেখিও সম্পূৰ্ণ অসহায় হৈ ৰয় ।

বনৰক্ষীসকলে তদন্তৰ সময়ত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ আগত অভয়াৰণ্যৰ বিলসমূহত চোৰাং মাছমৰীয়াৰ দলে মাছ ধৰা নাই বুলি ক’বলৈ বাধ্য হয় । নাম প্ৰকাশত অনিচ্ছুক একাংশ বনৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি। তেওঁলোক অসহায় । চকুৰ সন্মুখত মাছ মাৰিলেও তেওঁলোকে একো কৰিব নোৱাৰে । ইপিনে আন এক সূত্ৰ‌ই দাবী কৰা অনুসৰি, চোৰাং মাছমৰীয়াৰ স’তে বন বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ ধনৰ লেনদেনৰ প্ৰক্ৰিয়াটো আগবঢ়াই দিয়ে একাংশ তথাকথিত স্বেচ্ছাসেৱী সংগঠনে ।

লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰৰ ২৯খনকৈ বিলত সশস্ত্ৰ চোৰাং মাছমৰীয়াৰ দলে নিশাৰ কথাটো বাদেই দিনৰ ভাগতো শেৱালী, লাঙি জালৰ লগতে ৫০০-৭০০ ফুট দীঘল, ১২-১৫ ফুট বহল মুচুৰী জালেৰেও মাছ মাৰে চোৰাং মাছমৰীয়াৰ দলে । নগাঁও বন্যপ্ৰাণী সংমণ্ডলে লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰৰ বিলসমূহত চোৰাং মাছমৰীয়াসকলে মাছ মৰাৰ সুবিধা পোৱা নাই বুলি আজিও দাবী কৰিলেও এই বৰ্ষটোত কালি পৰ্যন্ত চোৰাং মাছমৰীয়াৰ দলে প্ৰায়েই মাছ মৰা বুলি অভয়াৰণ্যৰ প্ৰতিৱেশী গাঁওসমূহৰ একাংশ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । ৰাইজ তেওঁলোকৰ অভিযোগৰ সন্দৰ্ভত আজিও অটল আছে ।

ৰাইজৰ ভাষ্য হ’ল – বিগত ২০১৭ত নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ ডিএফঅ’ হিচাপে ভাৰতীয় বন সেৱাৰ বিষয়া জিতেন্দ্ৰ কুমাৰৰ কাৰ্যকালত ভালেসংখ্যক চোৰাং মাছমৰীয়াক জালসহ কৰায়ত্ত কৰা হৈছিল । আনকি বনৰক্ষীৰ গুলিত গুলিবিদ্ধ হৈছিল চোৰাং মাছমৰীয়া । তেতিয়া বিলসমূহত সঘনাই অভিযান চলাই ইজনৰ পাছত সিজনকৈ চোৰাং মাছমৰীয়াক কৰায়ত্ত কৰাত উপায়ন্তৰ হৈ বহু চোৰাং মাছমৰীয়াই জালসহ আত্মসমৰ্পন কৰিবলৈ বাধ্য হৈছিল । কিন্তু তাৰ পাছৰ পৰা বিলত অভিযান নচলা হ’ল । এজনো চোৰাং মাছমৰীয়াক গ্ৰেপ্তাৰ কৰা হোৱা নাই । ইপিনে, নগাঁও জিলাৰ নগাঁও চহৰৰ বৰবজাৰ, আইটিআই বজাৰ, ডিমৰুগুৰী, ৰূপহী, জুৰীয়া, চুলুং আদি মাছৰ বজাৰত লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰৰ বিলসমূহৰ মাছ উভৈনদী হৈ থকাটোৱে কি সূচায় ?

অভয়াৰণ্য দুখনৰ ভিতৰৰ বিলসমূহত চোৰাং মাছমৰীয়াৰ দৌৰাত্ম্য বন্ধ কৰিবলৈ হ’ল দাঁতি-কাষৰীয়া ৰাইজ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ইতিপূৰ্বে বন বিভাগৰ ওচৰত সমৰ্পণ কৰা পূৰ্বৰ চোৰাং মাছমৰীয়াসকলৰো সহায়ৰ প্ৰয়োজন । কিন্তু সেই সকলৰ সহায়-সহযোগিতা আদায়ৰ ক্ষেত্ৰত নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ ভূমিকা মুঠেই আশাব্যঞ্জক নহয় বুলি সৰ্বত্ৰে অভিযোগ উত্থাপিত হৈছে ।

নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰৰ ২৯ খনকৈ বিলত চোৰাং মাছমৰীয়াৰ দৌৰাত্ম্যৰ বিষয়ে সংবাদ মাধ্যমত সঘনাই বা বাতৰি প্ৰকাশ কৰি থকাৰ পাছতো এই বিষয়ে বন সংমণ্ডল বিষয়া কিম্বা ৰাজ্যৰ মীন মন্ত্ৰীজনৰ মৌনতাক মুঠেই সহজভাৱে ল’ব বিচৰা নাই নগঞা ৰাইজে ।

Exit mobile version