দিনটোৰ ৰাশিফল

online astrology prediction 500x500 1

মেষঃ মানসিক অস্থিৰতা দূৰ হ’ব । তথাপি শৰীৰটো অৱশ্যে অনুভৱ হ’ব । সন্তানৰ উচ্চ শিক্ষাৰ বাতৰিয়ে মনত আনন্দ দিব । প্ৰাপ্ত ধন লাভৰ সম্ভাৱনা । যানবাহন কিনাৰ বাবে চেষ্টা চলাব পাৰে । প্ৰেমত অতিকৈ শুভ । বিবাহৰ যোগাযোগত শুভ ।

বৃষঃ ব্যৱসায়ত উন্নতি লাভৰ সম্ভাৱনা । আৰ্থিকত খৰচৰ মাত্ৰা বৃদ্ধি পাব । মাটি-বাৰীৰ লেনদেনত সাৱধান হ’ব মামলা-মোকৰ্দমাত ক্ষতি হোৱাৰ সম্ভাৱনা আৰক্ষী তথা সামৰিক বাহিনীত কাম কৰা সকলৰ বাবে পদোন্নতিৰ যোগ দেখা যায় । বিবাহৰ যোগ ।

মিথুনঃ সন্তানৰ সাফল্য‌ই আপোনাক আনন্দিত কৰিব । প্ৰতিবেশীৰ লগত সমভাব ৰাখিব । বিদ্যা ক্ষেত্ৰত শুভ ফল লাভৰ পৰা বঞ্চিত হ’ব পাৰে । দূৰ ভ্ৰমণৰ যোগ দেখা যায় । বিবাহযোগ্য‌ই বিয়াৰ কথা চিন্তা কৰিব পাৰে । ব্যৱসায়-বাণিজ্যত লাভ বৃদ্ধিৰ কাৰকতা ।

কৰ্কটঃ কৰ্মক্ষেত্ৰত নানা বেমেজালিৰ বাবে মনটো অস্থিৰ হ’ব পাৰে । খেলা-ধূলাৰ লগত জড়িতসকলে সুফল পাব । মাটি-বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত তৃতীয় ব্যক্তিৰ লগত যোগাযোগ নকৰিব । সন্তানৰ বাবে চিন্তা থাকিব । প্ৰেমত আগবাঢ়িব পাৰে ।

সিংহঃ পানী লগা, কাহ আদি ৰোগ হ’ব পাৰে । শৰীৰ মধ্যম । কৰ্মক্ষেত্ৰত মানসিক অস্থিৰতা বৃদ্ধি পাব । মোকৰ্দমা আদিত সফলতা আহিব । ঘৰুৱা শান্তি বিৰাজমান । ওচৰ-চুবুৰীয়াৰ লগত মনোমালিন্য হ’ব পাৰে । সাৱধান হ‌ওক । প্ৰেমত শুভ ।

কন্যাঃ ব্যৱসায় সম্প্ৰসাৰণৰ যোগ দেখা যায় । দৈহিক দিশত পেটৰ ৰোগ হোৱাৰ সম্ভাৱনা । আত্মবিশ্বাসেৰে সৃষ্টিমূলক কাম কৰিলে সফল হ’ব । যানবাহন কিনাৰ বাধা নাই । সন্তানৰ ক্ষেত্ৰত শুভ দূৰ ভ্ৰমণ নকৰাই ভাল । প্ৰেমত অশান্তি ।

তুলাঃ কৰ্মক্ষেত্ৰত সহকৰ্মীৰ ব্যৱহাৰত সন্তোষ নাপাব পাৰে বিদ্যাত জটিলতা কম । দাম্পত্যত নিজৰ বিচাৰক অগ্ৰাধিকাৰ দিব লাগিব । আৰ্থিকত মধ্যম প্ৰভাৱ । দেহ বৰ সুস্থ নাথাকিব । মান-সন্মানৰ প্ৰশ্নত বিচলিত হ’ব‌ও পাৰে । অংশীদাৰী ব্যৱসায়ত শুভ ।

বৃশ্চিকঃ আৰ্থিক উন্নতিৰ চেষ্টা কৰিলেও খৰচৰ মাত্ৰা বাঢ়িব । ঘৰুৱা তথা কৰ্মস্থানত বিশেষ আহুকাল নাপাব । পিতৃৰ খুব বেয়া নহয় । অৱশ্যে শাৰীৰিক যত্ন ৰখাটো দৰকাৰ হ’ব । বিদ্যাত অনুকূল । গৃহাদিৰ উন্নতিৰ চেষ্টা অব্যাহত থাকিব ।

ধনুঃ বৈসয়িক ক্ষেত্ৰত নিজৰ দুৰ্বলতাৰ বাবে সমস্যাত পৰিব পাৰে । কৰ্মস্থানত সামগ্ৰিক ক্ষেত্ৰত আশাপূৰ্ণ যোগাযোগ পাব । বিশ্বাসযোগ্য বন্ধু-বান্ধৱৰ পৰা আগছোৱাত উপকৃত হ’ব । বিয়া-বাৰুৰ যোগাযোগত বাধা পাব । প্ৰেমত শুভ ।

মকৰঃ দাম্পত্যত বিশেষ পৰিৱৰ্তন নাই । সন্তানৰ বাবে মধ্যম । নিকট আত্মীয়ৰ কোন খবৰত চিন্তিত । বিয়া-বাৰুৰ যোগাযোগত শুভ ব্যৱসায়ীসকলৰ দূৰ ভ্ৰমণ সফল হ’ব পাৰে । ভাই-ভনীৰ পৰা সহৃদয়তা নাপাব । সৰু-সুৰা ভ্ৰমণত বাধা নাই ।

কুম্ভঃ মনত অত্যন্ত কুটাল প্ৰশ্ন‌ই তোলপাৰ লগাব পাৰে । অৱশ্যে তাৰ বেছিভাগেই অমূলক বুলি প্ৰমাণিত হ’ব । দাম্পত্যত চিন্তা । মনোজ্ঞ কথাত অনাৰ সহায় পোৱাত কষ্ট পাব ।

মীনঃ মজলীয়া হ’লেও শুভ প্ৰভাৱৰ সংখ্যা বৃদ্ধি । বিদ্যাৰ্থীৰ বাবে তেনে বাধা দেখা নাযায় । কিন্তু নিজৰ ভৱিষ্যৎ সম্পৰ্কে চিন্তিত হোৱাৰ যোগ থাকিব । দুপৰীয়াৰ পৰা সাৱধান হ‌ওক ।

Exit mobile version