পুনৰ ৰেলৰ খুন্দাত নিহত বন্যহস্তী

WhatsApp Image 2021 12 17 at 5.03.08 PM

আজি মৰিয়নি সমষ্টিৰ নকচাৰিত পুৱতি নিশা ৰেলৰ খুন্দাত মৃত্যু হয় এটা বন্যহস্তীৰ পোৱালিৰ । উল্লেখযোগ্য যে উজনিমুৱা ০২৪২৪ নম্বৰৰ ৰাজধানী এস্কপ্ৰেছৰ খুন্দাত মৃত্যু হয় হাতী পোৱালিটোৰ ।

নকচাৰীৰ ভেলুগুৰি ৯৫ নং গেটৰ ৰেলপথত সংঘটিত হৈছে এই ঘটনা । উক্ত স্থানত পূৰ্বেও বন বিভাগৰ গাফিলতিৰ বাবে তিনিটাকৈ বন্যহস্তীৰ মৃত্যু হৈছিল ৰেলৰ খুণ্ডাত ।

সূত্ৰ অনুসৰি, বিগত কিছুদিন ধৰি উক্ত স্থানত কে’বাটাও বন্যহস্তীয়ে বিচৰণ কৰি আছিল ৷ গিৱন আভয়ৰণ্যৰ পৰা খাদ্য সন্ধানত প্ৰায় ওলাই অহা হাতীৰ জাকে বন বিভাগৰ গাফিলতিৰ বাবে বাৰে বাৰে এনেদৰে দুৰ্ঘটনাত পতিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

Exit mobile version