Omicron In India: মুম্বাইত চিনাক্ত অ’মিক্ৰনত আক্ৰান্ত, গ্ৰহণ কৰিছিল বুষ্টাৰসহ তিনিটা কৰ’না প্ৰতিষেধক

check in counters at chhatrapati shivaji international airport santacruz FFYEMB

বুষ্টাৰসহ তিনিটা কৰ’না ভেকছিন গ্ৰহণ কৰাৰ পাছতো অ’মিক্ৰনত আক্রান্ত এজন যুৱক । বৃহন্মুম্বাই পৌৰ কৰ্তৃপক্ষই (বিএমচি) জনাইছে, আমেৰিকালৈ ঘূৰি অহা ব্যক্তিজনৰ কৰ’না ভাইৰাছৰ অ’মিক্ৰনৰ ৰূপৰ সংক্ৰমণ সম্পৰ্কে নিশ্চিত কৰিছে।

বিএমচিৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে ২৯ বছৰীয়া যুৱকজন নৱেম্বৰৰ আৰম্ভণিতে নিউয়ৰ্কৰ পৰা মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিল।

তেওঁৰ শৰীৰত কৰ’না ভাইৰাছত সংক্ৰমণৰ কোনো লক্ষণ নাছিল। বিমানবন্দৰত নিয়মীয়া পৰীক্ষাৰ পৰা গম পোৱা গৈছিল যে তেওঁ ক’ভিডত আক্রান্ত । ফলস্বৰূপে, তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পাছত তেওঁৰ জিনম পৰীক্ষণ কৰা হয়।

বিএমচিৰ বিবৃতিত কোৱা হৈছে যে যুৱকজনে দুটা ফাইজাৰ ভেকছিন লোৱাৰ পপাছতো সাৱধানতামূলক ব্যৱস্থা হিচাপে বুষ্টাৰ গ্ৰহণ কৰিছিল।

আক্ৰান্তজনৰ সংস্পৰ্শত থকা দুজন লোকৰ আৰটিপিচিআৰ পৰীক্ষা কৰা হ’লেও কিন্তু তেওঁলোকৰ শৰীৰত কৰ’না ভাইৰাছৰ সংক্ৰমণ ধৰা পৰা নাই।

Exit mobile version