বাঁহ-গাজ আপোনাৰ প্রিয় ? চাওক কি কি উপকাৰিতা আছে বাঁহ-গাজত

fresh bamboo shoot 1554373939 4799847

(১) মেদবহুলতা কমোৱাত সহায়ক

বাঁহগাজত প্ৰচুৰ পৰিমাণে ডায়েটেৰী ফাইবাৰ থাকে ৷ ফাইবাৰ থকাৰ ফলত কলেষ্টেৰল কমাত সহায়ক হয় ৷ বাঁহ-গাজত চুগাৰ, কাৰ্বহাইড্ৰেট আৰু কেলৰি কম থকাত ওজন কমোৱাত সহায়ক হয় ৷

 

(২) ৰক্তচাপ কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা

বাঁহ-গাজত থকা প’টেচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ৷

 

(৩) কৰ্কটৰোগৰ প্ৰতিৰোধ

গবেষণামূলক অনুসন্ধানত গম পোৱা গৈছে যে বাঁহ-গাজত থকা ফাইটোষ্টেৰল নামৰ তত্বই কেঞ্চাৰ প্ৰতিৰোধক হিচাবে কাম কৰে ৷ ক’লোনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে ৷

 

(৪) শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায়ক

বাঁহ- গাজত থকা এন্টিঅক্সিডেন্ট,মিনাৰেল, ভিটামিন আৰু ট্ৰেচ এলিমেন্টৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷

 

(৫) পাকপ্ৰণালীৰ উপকাৰিতা

ভোক লগাত সহায়ক, হজম ক্ৰিয়াত সহায় কৰে, ডায়েৰিয়া ভাল কৰে, শৌচৰ পৰিমাণ বূদ্ধি কৰি কৌষ্ঠৰোগ আতৰায় ৷ পিত্তৰ বিষৰ উপশম ঘটায় ৷ পেলুৰ চিকিৎসাত, পেটৰ পুৰণি ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহৃতহৈ আহিছে ৷

(৬) নিয়মীয়া বাঁহ-গাজ খালে অপকাৰী ক’লেষ্টেৰল বিলাক কমে ৷ গতিকে হৃদৰোগ প্ৰতিৰোধ কৰে ৷

(৭) চুলি সৰাৰ চিকিৎসাতো বাঁহ-গাজ উপযোগী ৷

Exit mobile version