শালবাৰীৰ বাঁ‌হবাৰীত আদিবাসী শ্ৰমিকক জবকাৰ্ড প্ৰদান

WhatsApp Image 2021 12 21 at 5.45.10 PM

বাগসাৰ শালবাৰী পৰিষদীয় সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰীৰ পৃষ্ঠপোষকতাত শালবাৰী সমষ্টিৰ অন্তৰ্গত বাঁ‌হবাৰী ভিচিডিচিত আজি তিনিশগৰাকী আদিবাসী শ্ৰমিকৰ মাজত আনুষ্ঠানিকভাৱে জবকাৰ্ড বিতৰণ কৰা হয় । বাঁ‌হবাৰী ভিচিডিচি কাৰ্যালয় প্ৰাংগণত শ্ৰমিকক কাৰ্ডসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে শালবাৰী টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰী আৰু বাঁ‌হবাৰী ভিচিডিচিৰ অধ্যক্ষ যোগেশ দৈমাৰীয়ে ৷

ADVERTISEMENT

এই উদ্দেশ্যে বাঁ‌হবাৰী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী ফনীন্দ্ৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰীয়ে তেওঁৰ ভাষণত কয় যে, বৰ্তমানৰ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ দিনত সমগ্ৰ বিটিআৰৰ লগতে শালবাৰী সমষ্টিতো পূৰ্বে বঞ্চিত হৈ থকা সকলো শ্ৰমিকে জবকাৰ্ড পাব ৷ শালবাৰী সমষ্টিত দীৰ্ঘদিন ধৰি জৱকাৰ্ডৰ পৰা বঞ্চিত আদিবাসী পুৰুষ-মহিলা শ্ৰমিকক জবকাৰ্ড প্ৰদানে শ্ৰমিকসকলক আৰ্থিকভাৱে উপকৃত কৰিব ৷ ইতিমধ্যে বৃহত্তৰ শালবাৰী সমষ্টিত গ্ৰামোন্নয়নৰ লগতে অন্যান্য বিভাগৰ জৰিয়তে উন্নয়ন প্ৰক্ৰিয়াৰ যাত্ৰা আৰম্ভ হোৱা বুলিও মুছাহাৰীয়ে তেওঁৰ ভাষনত উল্লেখ কৰে ৷

Exit mobile version