উত্তৰ-পূবৰ একমাত্ৰ মহিলা হিচাপে স্থান লাভ ইছৰ’ত

Nazneen

বছৰটোৰ অন্তিমটো পষেকত নগাঁও জিলাবাসীলৈ এক সুখবৰ । জিলাখনৰ জুৰীয়া অঞ্চলৰ এগৰাকী কন্যাই ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ’)ত বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰাৰ খবৰে অসমৰ লগতে নগাঁও জিলাবাসীক গৰ্বিত কৰিছে । জুৰীয়াৰ সমীপৰ মাহেৰীপাৰ নিবাসী আবুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা তথা বৰ্তমান বঙাইগাঁও জিলাৰ অভয়াপুৰী অঞ্চলৰ বোৱাৰী নাজনিন ইয়াচমিনে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয়ত বিজ্ঞানীৰূপে নিযুক্তিপত্ৰ লাভ কৰিছে ।

উল্লেখ্য যে শিক্ষাৰ ক্ষেত্ৰত সৰুৰে পৰা অতি আগ্ৰহ আৰু একাগ্ৰতা থকা নাজনিন ইয়াচমিনে জুৰীয়া নুৰুদ্দিন ফুৰকানীয়া জে বি স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰা স্থানীয় কদমণি টাউন হাইস্কুলৰ পৰা ২০০৭ত মেট্ৰিকত সফলতাৰে উত্তীৰ্ণ হয় । পাছত গুৱাহাটীৰ ‌নিটজ মিৰ্জা কলেজৰ পৰা ২০১৩ত ইলেক্ট্ৰনিক বিষয়ত বিটেক আৰু ২০১৬ত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বিভাগত এমটেক ডিগ্ৰী লাভ কৰে ।

বিজ্ঞান বিষয়ক বিভিন্ন ব্যক্তিগত অনুষ্ঠান-প্ৰতিষ্ঠানত কাম কৰাৰ সমান্তৰালভাৱে তেওঁ ২০১৮তে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ অধীনত ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাৰ লগতে ভাৰত চৰকাৰৰ জুনিয়ৰ ৰিচাৰ্ছ ফেলশ্বিপৰ যোগ্যতাও লাভ কৰি থৈছে । ৰাষ্ট্ৰীয় পৰ্যায়ত যোৱা বৰ্ষতে অনুষ্ঠিত অতিকৈ কঠিন বাছনি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছত অলপতে ঘোষিত ফলাফলত নাজনিন ইয়াচমিন হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ বিজ্ঞানী হিচাপে এইবাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত নিযুক্তি লাভ কৰিছে ।

ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ নিৰ্দেশ অনুসৰি, অহা ৩০ ডিচেম্বৰৰ পূৰ্বে ইছৰ’ৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান লাভ কৰিব বুলি জানিবলৈ দি ইয়াচমিনে সংবাদ মাধ্যমৰ আগত নিজৰ সফলতাৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘ধৈৰ্য আৰু একাগ্ৰতা থাকিলে সকলো ক্ষেত্ৰতে সফলতাৰ উচ্চ শিখৰত উঠিব পাৰি । সফলতা লাভৰ ক্ষেত্ৰত কোনো প্ৰত্যাহ্বান হেঙাৰ হ’ব নোৱাৰে ।’ সৰুৰে পৰা এগৰাকী বিজ্ঞানী হোৱাৰ আশা পুহি ৰখা ইয়াচমিনে ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কল্পনা চাওলাৰ সফলতাই বহু অনুপ্ৰেৰণা যোগাইছিল বুলি প্ৰকাশ কৰে । তেওঁ নৱ প্ৰজন্মক নিজকে দুৰ্বল বুলি নাভাবি অধ্যৱসায়ৰ জৰিয়তে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানত স্থান লাভৰ নিজকে প্ৰস্তুত কৰি তুলিবলৈ আহ্বান জনায় ।

এই প্ৰসংগত তেওঁ কয় যে মিছাইল মেনৰূপে পৰিচিত প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আবুল কালামো এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ লোক আছিল । অসমক বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগুৱাই নিবলৈ নিজৰ কৰ্মক্ষেত্ৰৰ জৰিয়তে কিছু কাম কৰা আগ্ৰহো প্ৰকাশ কৰিছে । তেওঁৰ ভৱিষ্যতে আমেৰিকাৰ মহাকাশ প্ৰতিষ্ঠান নাছাত কাম কৰাৰ মন । সফলতাৰ আঁৰত তেওঁৰ ‌পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ৰাজস্থানত কৰ্মৰত অভিযন্তা স্বামী সাহিদুল ইছলামক কৃতজ্ঞতা জনাব বিচাৰে । এনে বিৰল সফলতাৰ কথা ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত বৰ্তমান নগাঁও চহৰৰ ভাড়াঘৰত থকা নাজনিন ইয়াচমিনৰ লগতে পৰিয়ালবৰ্গক বিভিন্ন দল-সংগঠনে সাক্ষাৎ কৰি আদৰণি জনোৱা পৰিলক্ষিত হয় ।

Exit mobile version