Amitabh Bachchan : ‘নাগিন ছছ’-ৰ স্বাদ লৈছে অমিতাভে ! এই ভাইৰেল ছছ কিহেৰে প্ৰস্তুত কৰা হয়, মূল্য‌ই বা কিমান ?

nrukkb9o amitabh

মঙলবাৰে ইনষ্টাগ্রামত এখন ছবি শ্বেয়াৰ কৰিছে অমিতাভ বচ্চনে (Amitabh Bachchan) । সেই ছবিত দেখা গৈছে সদাব্যস্ত বিগ বিয়ে তেওঁৰ ব্যস্ত কামৰ ছিডিউলৰ মাজতেই নিজৰ বাবে কিছু সময় উলিয়াই লৈছে । সেই সময়তেই তেওঁ ফুটবল মেচ চাইছে । কিন্তু কেৱল মেচ নহয়, তাৰ লগতে তেওঁ বিভিন্ন ধৰণৰ ফাষ্টফুডো খাইছে । যেনে পাষ্টা, গার্লিক ব্রেড, ফ্রেঞ্চ ফ্রাইচ এক বিশেষ ধৰণৰ ছছ, নাগিন ছছ (Naagin Sauce) ।

অমিতাভৰ সেই ছছ ভাইৰেল হৈছে ইন্টাৰনেটত (internet) । কি এই নাগিন ছছ, তাক লৈ আগ্রহৰ শেষ নাই নেটিজেনসকলৰ । ছবি পোষ্ট কৰি কেপচনত অমিতাভে লিখিছে, ‘দীর্ঘ কামৰ পাছত বিৰতি । প্রিমিয়াৰ লিগ ফুটবল, পাষ্টা, ফ্রেঞ্চ ফ্রাইচ, গার্লিক ব্রেড আৰু নাগিন ছছ !! আহাহাহহাহহাহা… ইয়াৰ বাবে অধিৰ হৈ গৈছিলো ।’ অমিতাভৰ সেই পোষ্টৰ কমেন্ট ছেকছনত এজন নেটিজেনে লিখিছে, ‘হা হা নাগিন ছছ, ম‌ই নিশ্চ‌ই ট্রাই কৰিম ।’ তাল প্রত্যুত্তৰত অমিতাভে লিখিছে, ‘এইটো খুব ‌সুস্বাদু, বিভিন্ন পণ্য আছে ।’ অমিতাভৰ পোষ্টত কমেন্ট কৰি অভিষেকে (Abhishek Bachchan) লিখিছে তেঁৱো এই ছছ খাবলৈ উদগ্রীব ।

কিন্তু কি এই নাগিন ছছ, সেয়া জানিবলৈ আগ্ৰহী ইন্টাৰনেট । নাগিন ছছ প্ৰকৃততে ভাৰতৰ বিভিন্ন অঞ্চলৰ জলকীয়াৰে প্ৰস্তুত কৰা হয় । বিভিন্ন স্বাদত তৈয়াৰ কৰা হয় এই ছছ । ইয়াৰ ভিতৰত আটাইতকৈ জনপ্রিয় অসমৰ জনপ্রিয় জলকীয়া ভূত জলকীয়াৰে প্ৰস্তুত কৰা ছছ । অৱশ্যে অমিতাভে যিটো ছছ খাইছে সেইটো হৈছে কেৰালাৰ কান্থাৰী জলকীয়াৰে প্ৰস্তুত কৰা । দক্ষিণ ভাৰতৰ ফ্লেভাৰত তৈয়াৰ কৰা হয় এই ছছ । কান্থাৰী জলকীয়াৰ লগতে এই ছছত দিয়া হয় পিয়াঁজ, ভেজিটেবল ৱেল, গার্লিক, ভিনেগাৰ, আদা, নিমখ আৰু চেনি । ২৩০ গ্রাম এই ছছৰ বতলৰ মূল্য মাত্র ২৫০ টকা ।

Exit mobile version