এপিএছচিৰ মূল পৰীক্ষাৰ তাৰিখ ঘোষণা কৰাত ন্যায়ালয়ৰ বাধা

চৰকাৰৰ ভাষা বিষয়ৰ প্ৰশ্নকাকত বাতিলৰ সিদ্ধান্তক প্ৰত্যাহ্বান

c2253098803b911eda59d32fa8d30555

ৰাজ্য চৰকাৰে অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ মূল পৰীক্ষাৰ পৰা ভাষা বিষয়ৰ প্ৰশ্নকাকত বাতিলৰ সিদ্ধান্ত ‌কাৰ্যকৰী কৰাত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে বাধা আৰোপ কৰে । ন্যায়াধীশদ্বয় এন কোটিশ্বৰ সিং আৰু মালাশ্ৰী নন্দীৰ বিচাৰপীঠে চৰকাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতৰ অনুমতি নোহোৱালৈকে আয়োগক মূল পৰীক্ষাৰ দিন ঘোষণা নকৰিবলৈ নিৰ্দেশ দিয়ে । আয়োগে ইতিপূৰ্বে কৰা ঘোষণা অনুসৰি অহা জানুৱাৰী আৰু ফেব্ৰুৱাৰীত মূল পৰীক্ষা অনুষ্ঠিত হ’ব; কিন্তু ন্যায়ালয়ৰ কালিৰ নিৰ্দেশৰ ফলত দিন ঘোষণা অনিশ্চয়তাত সোমাই পৰে ।

উল্লেখ্য যে এপিএছচিৰ মূল পৰীক্ষাত ভাষা বিষয়ৰ এখন প্ৰশ্নকাকত আছে । এই কাকতখনেই হ’ল অসমীয়া, বাংলা আৰু বড়ো ভাষাৰ । অৱশ্যে ৰাজ্যৰ পাহাৰীয়া জিলাকেইখনৰ প্ৰাৰ্থীয়ে ভাষা বিষয়ৰ প্ৰশ্নকাকতৰ উত্তৰ লিখাৰ প্ৰয়োজনীয়তা নাছিল । বিগত ২০১৯ত তদানীন্তন ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে যে যিসকল প্ৰাৰ্থীয়ে দশম শ্রেণীলৈ বাংলা পঢ়া নাই, তেওঁলোকৰ অসুবিধা নোহোৱাকৈ বৰাকৰ তিনিখন জিলাৰ প্ৰাৰ্থীকো ভাষা বিষয়ৰ প্ৰশ্নকাকতখনৰ পৰা ৰেহাই দিয়া হ’ব । সেই সিদ্ধান্ত কাৰ্যকৰীও হয় তেতিয়া একাংশ প্ৰাৰ্থীয়ে ন্যায়ালয়ত আবেদন কৰে পাহাৰীয়া জিলা তিনিখন আৰু বৰাকৰ তিনিখন জিলাৰ প্ৰাৰ্থীতকৈ তেওঁলোকে এখন প্ৰশ্নকাকতৰ অতিৰিক্তভাৱে পৰীক্ষাত বহাৰ প্ৰয়োজনীয়তা নিশ্চয় নাই ।

এই বিষয়টোৰ শুনানি চলি থকাৰ মাজতে অসম চৰকাৰৰ যোৱা মাহত বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত ভাষা বিষয়ৰ প্ৰশ্নকাকতখন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হয় । সেই সিদ্ধান্তৰ বিষয়ে চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ক অৱগত কৰে । চৰকাৰৰ এই সিদ্ধান্তক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । বিশেষকৈ অসমীয়া ভাষাৰ প্ৰশ্নকাকতখন বাতিলৰ জৰিয়তে চৰকাৰে ভাষাটোক সংকুচিত কৰাৰহে ষড়যন্ত্ৰ কৰা বুলি বিভিন্ন পক্ষ‌ই সমালোচনা কৰে ।

কেবিনেটৰ সিদ্ধান্তটোক প্ৰত্যাহ্বান জনাই সিদ্ধাৰ্থ শৰ্মা নামৰ এজন লোকে ৮৩/২০২১ নম্বৰত শেহতীয়াকৈ এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰে । আবেদনখনৰ শুনানি গ্ৰহণ কৰি কালি ন্যায়াধীশদ্বয়ে এপিএছচিক উক্ত নিৰ্দেশ দিয়াৰ লগতে আবেদনখন সম্পৰ্কীয় গোচৰটো মুখ্য ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণৰ সিদ্ধান্ত লয় । কাৰণ এপিএছচি সম্পৰ্কীয় আন গোচৰ মুখ্য ন্যায়াধীশৰ আদালতত বিচাৰাধীন হৈ আছে ।

Exit mobile version