২০১৪ৰ ২৩ ডিচেম্বৰৰ হত্যালীলাক সোঁৱৰণ

শালবাৰীৰ বাঁহবাৰীত আদিবাসী ছাত্ৰ সন্থাৰ মৌন সমদল

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী তথা বাগসাৰ শালবাৰীৰ বাঁহবাৰীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বাঁহবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আজি সন্ধিয়া এক মৌন সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ ২০১৪ৰ ২৩ ডিচেম্বৰত অৰ্থাৎ আজিৰ এই দিনটোতেই ৰাজ্যখনৰ ভিন্ন প্ৰান্তত কে’বাগৰাকীও আদিবাসী নিৰীহ লোকক গুলিয়াই হত্যা কৰিছিল উগ্ৰপন্থী সংগঠন এনডিএফবিয়ে ৷

এনডিএফবিৰ গুলিত নিহত হোৱা আদিবাসী লোকসকলৰ ন্যায় বিচাৰি সংগঠনটোৱে আজি সন্ধিয়া বাঁহবাৰী আঞ্চলিক সমিতিৰ কাৰ্যালয়ৰ পৰা ফাতেমাবাদ খেলপথাৰস্থিত বীৰ বীৰছা মুণ্ডাৰ প্ৰতিমূৰ্তিস্থলীলৈ হাতে হাতে মমবাতি লৈ মৌন সমদল কৰে ।

উক্ত কাৰ্যসূচীৰ যোগেদি আদিবাসী লোকসকলক হত্যা কৰা এনডিএফবিক শীঘ্ৰেই কঠোৰতম শাস্তি বিহিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে সংগঠনটোৱে ৷‌ আজিৰ কাৰ্যসূচীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানছুখ ছানখাড়িকা, শিক্ষা সম্পাদক ৰাজু তিৰ্কী আদিয়েও অংশগ্ৰহণ কৰে ৷

Exit mobile version