Delmicron : এইবাৰ অ’মিক্ৰনৰ ভাতৃ ‘ডেলমিক্ৰন’ৰ ত্ৰাস আমেৰিকা-ইউৰোপত

কৰ’না ভাইৰাছৰ সংক্ৰমণে বিগত দুবছৰ ধৰি বিশ্বত আতংক অব্যাহত ৰাখিছে । এটা প্ৰজাতিৰ ভাইৰাছে বিদায় লোৱাৰ পূৰ্বেই ধৰালৈ আগমন ঘটিছে আন এক প্ৰজাতিৰ । প্ৰথমে চীনৰ উহানত ধৰা পৰা ক’ভিড প্ৰজাতিয়ে বিশ্বক প্ৰভাৱিত কৰিলে । পৰৱৰ্তী সময়ত ডেল্টাই সকলো দেশকে বিধ্বস্ত কৰিলে আৰু এতিয়া অ’মিক্ৰনে ত্ৰাস অব্যাহত ৰাখিছে ।

ADVERTISEMENT

ইয়াৰ মাজতে অ’মিক্ৰনৰ এক ভাতৃৰ সন্ধান লাভ কৰা হৈছে দৰাচলতে আমেৰিকা আৰু ইউৰোপৰ দেশত ক’ভিডৰ নতুন সংক্ৰমণে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু ইয়াকে চিকিৎসা বিজ্ঞানীয়ে ‘ডেলমিক্ৰন ঢৌ’ বুলি অভিহিত কৰিছে ।

অ’মিক্ৰনৰ এই ভাতৃ হৈছে ক’ভিডৰ দুই প্ৰজাতি ডেল্টা আৰু অ’মিক্ৰনৰ সংক্ৰমণৰ মিশ্ৰিত ত্ৰাসৰ অন্যতম নাম । সেয়েহে এই দুই প্ৰজাতিৰ শেহতীয়া ব্যাপক সংক্ৰমণৰ ঢৌক মাৰ্কিন মহামাৰী বিশেষজ্ঞ‌ই ‘ডেলমিক্ৰন ঢৌ’ বুলি অভিহিত কৰিছে । সম্প্ৰতি আমেৰিকা আৰু ইউৰোপত ক’ভিডৰ দুই প্ৰজাতিৰ ভাইৰাছত সৰ্বাধিক সংক্ৰমণ ধৰা পৰিছে ।

Exit mobile version