Plastics In Air : এভাৰেষ্টৰ পৰা মাৰিয়ানা ট্রেঞ্চ, পিৰানিজৰ বায়ুমণ্ডলো ভৰি পৰিছে প্লাষ্টিকেৰে ! গৱেষণাত প্ৰকাশ

b4 1 monitoraggio costante 3 monte bianco sud

কেৱল জল আৰু স্থল নহয় । প্লাষ্টিকৰ ক্ষুদ্রাতি ক্ষুদ্র কণাৰে ভৰি গৈছে পৃথিৱীৰ বায়ুমণ্ডলো । এখন মহাদেশৰ পৰা অন্য মহাদেশত প্ৰৱেশ কৰিছে ।

মাউন্ট এভাৰেষ্টৰ পৰা মাৰিয়ানা ট্রেঞ্চ । অথবা ফ্রান্সৰ সুউচ্চ মণ্ট ব্লংক পর্বতমালাৰ পৰা পিৰানিজ পর্বতমালাৰ বায়ুমণ্ডলো ভৰি পৰিছে প্লাষ্টিকেৰে ।

বায়ুমণ্ডলৰ ট্রপোস্ফিয়াৰৰ একেবাৰে শীৰ্ষ স্তৰতো পোৱা গৈছে প্লাষ্টিকৰ ক্ষুদ্র কণা । ট্রপোস্ফিয়াৰৰ একেবাৰে শীৰ্ষ স্তৰত পোৱাৰ বাবে অধিক উদ্বেগৰ কাৰণ হৈ পৰিছে প্লাষ্টিক । কাৰণ, তাত বতাহৰ গতি তীব্ৰ হোৱা হেতুকে প্লাষ্টিকৰ কণাবোৰক বহু দূৰলৈকে লৈ যায় । ফলত, অন্যান্য ঠাইৰ বায়ুমণ্ডলতো মিশ্ৰিত হৈ যায় প্লাষ্টিকৰ কোটি কোটি কণা ।

সম্প্রতি এক গৱেষণাই বায়ুমণ্ডলত প্লাষ্টিক প্ৰদূষণৰ এই ভয়াবহ ছবি দাঙি ধৰিছে । জনাইছে, ট্রপোস্ফিয়াৰৰ ওপৰৰ স্তৰত পোৱা প্লাষ্টিকৰ ক্ষুদ্রাতিক্ষুদ্র কণাবোৰ উত্তৰ আফ্রিকা আৰু উত্তৰ আমেৰিকাৰ পৰা সূদূৰ ফ্রান্সৰ পিৰানিজ পর্বতমালাৰ বায়ুমণ্ডললৈকে বিয়পিব পাৰে । বিশ্বৰ সর্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্টৰ বায়ুমণ্ডলতো পোৱা গৈছে প্লাষ্টিকৰ কণা ।

বতাহত থকা এই প্লাষ্টিক কণা হাওঁফাওঁ তথা নানা ধৰণৰ জটিল ৰোগৰ কাৰণ হ’ব পাৰে বুলি উদ্বেগ প্রকাশ কৰিছে বিশেষজ্ঞসকলে ।

গৱেষণাটো চলাইছে ফ্রান্সৰ নেচনেল ৰিছার্চ ইনষ্টিটিউট (চিএনআৰএছ)-ৰ বিজ্ঞানীসকলে । তেওঁলোকে গৱেষণাত পাইছে পাঁচ মিলিমিটাৰতকৈও কম ব্যাসৰ প্লাষ্টিকৰ কণাৰে ভৰি পৰিছে পিৰানিজৰ দৰে সুউচ্চ পর্বতশৃংগৰ বায়ুমণ্ডল । সমু্দ্রপৃষ্ঠৰ পৰা দুহেজাৰ ৮৭৭ মিটাৰ ওপৰত পিৰানিজৰ বায়ুমণ্ডলত প্লাষ্টিকৰ কণা পোৱা যায় নেকি সেই বিষয়ে জানিব বিচাৰিছিল গৱেষকসকলে । যিহেতু পিৰানিজৰ বায়ুমণ্ডল ‘স্বচ্ছ’ বুলি ইমান দিনে ধাৰণা আছিল বিজ্ঞানীসকলৰ । তাত ১০ হেজাৰ বর্গমিটাৰৰো অধিক বায়ুমণ্ডল পৰীক্ষা কৰি গৱেষকসকলে পায় যে সকলো ধৰণৰ প্লাষ্টিকৰ ক্ষুদ্রাতিক্ষুদ্র কণাত সেই ঠাইৰ বতাহ সোমাই আছে ।

একেই পৰিস্থিতি মাউন্ট এভাৰেষ্ট, মণ্ট ব্লংক, আল্পছৰ দৰে সুউচ্চ পর্বত শৃংগবোৰৰো ।

Exit mobile version