মেষঃ ভালেৰে আৰম্ভ হ’লেও পাছলৈ সাধাৰণ ক্লেশদায়ক সমস্যা উদ্ভৱ হ’ব পাৰে । নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা অব্যাহত ৰাখক । ঘৰুৱা কথাৰ বাবে মন বেয়া হ’লেও সহজ হ’ব পাৰিব ।
বৃষঃ মনলৈ উৎসাহ আহিব । নতুন কামত সুযোগ পাব । শৰীৰো ভালেৰে পাৰ হ’ব । দুৰাৰোগ্য গ্ৰস্তসকলেও কিছু সকাহ পাব । বিদ্যাত অনুকূল । ভ্ৰমণৰ দ্বাৰা লাভ হ’লেও সাৱধান হওক ।
মিথুনঃ প্ৰায় দিশতে মনটো মুকলি লাগিব শৰীৰৰ চিন্তা কম । বন্ধু-বান্ধৱৰ লগত ভালেই লাগিব । শিল্প সফলতা বৃদ্ধি পাব । কোনো নতুন দায়িত্বত দক্ষতা দেখুৱাব । ভ্ৰমণত পিছে সাৱধান হওক ।
কৰ্কটঃ দুই-এটা বাধাৰ মাজেৰে দিনটো অগ্ৰগতি কৰিব । ঘৰুৱা দিশত ইটো-সিটো থাকিব । শৰীৰ সম্পৰ্কে সাৱধান থাকক । সংকট সন্মুখত ৰাখি কোনো যাত্ৰা বা কাম আদি পাৰিলে স্থগিত ৰাখক ।
সিংহঃ উন্নত পৰিৱেশ । বিভিন্ন যোগাযোগাদিত আনন্দ পাব । ভ্ৰমণাদিত বিশেষ অসুবিধা নাপায় । কিন্তু যাৰ মঙলৰ দশা চলি আছে অলপ সাৱধান হওক । সন্তান সুখ । বিদ্যাত অনুকূল ।
কন্যাঃ খুব উন্নত পৰিৱেশ নহ’ব । ধৰ্মীয় অনুষ্ঠানাদিত আনন্দিত হ’ব । বন্ধু-বান্ধৱৰ শুভ । ব্যক্তিত্ব অক্ষুণ্ণ থাকিব, দাম্পত্যত চিন্তা । বিদ্যাৰ্থীৰ মধ্যম ।
তুলাঃ আৰ্থিক দিশত টান পৰিলেও কোনো সমস্যাৰ যেনে-তেনে উপকৃত হ’ব । সম্পূৰ্ণ মুকলি বতৰ নহয়, সাৱধানেৰে আগবাঢ়ক । দাম্পত্যত শুভ ।
বৃশ্চিকঃ হাই-কাজিয়াৰ সূত্ৰপাত যেন পালে সেই স্থান ত্যাগ কৰক অথবা তৰ্কাতৰ্কি বঢ়াই নলৈ ক্ষিপ্ৰ অৱস্থাক নিয়ন্ত্ৰণ কৰক । অৱশ্যে ঘৰৰ বাহিৰে আনৰ চিন্তা কম । ঘৰুৱা ভালেই । নতুন সংযোগত উৎসাহ ।
ধনুঃ আৰ্থিক উন্নতিৰ কাৰক । বিদ্যাত জটিলতা নাপাব । পুৱাৰ ভাগত সাৱধানে মত বিনিময় আদি কৰক । ঘৰুৱা বাধা কম । বন্ধুবৰ্গৰ লগত সৎ পৰামৰ্শ ৰখাটো ভাল ।
মকৰঃ শৰীৰ খুব ভালেৰে নাযাব । খৰচ পাতি বৃদ্ধি । হঠাৎ কোনো কথাত লিপ্ত হ’ব পাৰে । ব্যয়ৰ কাৰক । উৎকণ্ঠাৰ পৰা কিছু সকাহ পাব যদিও সম্পূৰ্ণ সন্দেহমুক্ত নহ’ব ।
কুম্ভঃ মনোবল থাকিব । কৰ্মত উৎসাহ থকাত আপোনাৰ প্ৰায়বোৰ কামত খুত নাথাকিব । শৰীৰ খুব বেয়া বুলিব নোৱাৰি । কিন্তু আকস্মিক বিবাদত যোৱাৰ অৱতাৰণা হ’লে এৰাই চলক ।
মীনঃ কষ্টদায়ক হ’ব পাৰে বুলি হাতত লোৱা কাম স্থগিত নৰখাই উচিত হ’ব । আৰ্থিকত উন্নত নহয় । ব্যৱসায়তো প্ৰাপ্ত ধৰণৰ বাবে অসুবিধাৰ সন্মুখীন হ’ব পাৰে ।