সকলো বিভাগৰ পদৰ পৰীক্ষা হ’ব একেলগে

তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ গঠনত অনুমোদন বিধানসভাৰ

The ultimate list of entrance exams to study abroad banner

অসমত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত নিযুক্তিৰ বাবে ‘দ্য আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কমিছনচ্ ফৰ এনালগাচ্ পোষ্টছ’ বিধেয়কত কালি বিধানসভাই অনুমোদন দিয়ে । শাসক-বিৰোধীয়ে সহমতেৰে বিধায়কখনত অনুমোদন দিয়াৰ পাছত যিকোনো বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাছনি পৰীক্ষা তথা নিযুক্তি প্ৰক্ৰিয়া একেলগে অনুষ্ঠিত হ’ব । এই আয়োগৰ জৰিয়তে বিজেপি চৰকাৰে নিৰ্বাচনত এক লাখ নিবনুৱাক নিযুক্তি দিয়া প্ৰক্ৰিয়া প্ৰথমে সম্পন্ন হ’ব বুলি বিধানসভাত সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উক্ত বিধেয়কখন অনুমোদনৰ বাবে বিধানসভাত উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘যদিও আমি এক লাখ নিযুক্তিৰ কথা কৈছো কিন্তু প্ৰকৃততে ৫০ হেজাৰ পদৰ বাবে আয়োগে প্ৰথমে কাম কৰাৰ সুযোগ পাব । কাৰণ অহা মে’ৰ ভিতৰত আমাৰ ৫০ হেজাৰ নিযুক্তি সম্পূৰ্ণ হৈ যাব । যদিহে আমাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত আয়োগখন সফল হয় তেন্তে ‌ইয়াৰ কাৰ্যকাল দীঘলীয়া সময়ৰ বাবে বৃদ্ধি কৰা হ’ব । আমি পৰীক্ষামূলকভাৱেহে প্ৰথমতে ৫০ হেজাৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো শেষ কৰিব বিচাৰিছো । এই আয়োগ গঠনৰ পাছত সকলো বিভাগৰ বাছনি পৰীক্ষা একেলগে হ’ব । ইউপিএছচিৰ আৰ্হিত প্ৰাৰ্থীয়ে আবেদনপত্ৰত বিভাগবোৰ ক্ৰম অনুসৰি বাছনি কৰিব লাগিব । অৱশ্যে এই আয়োগৰ দ্বাৰা অকাৰিকৰী খণ্ডৰ নিযুক্তিকহে পৰীক্ষামূলক প্ৰক্ৰিয়াটোত সামৰি লোৱা হ’ব । কাৰিকৰী ক্ষেত্ৰৰ নিযুক্তি প্ৰক্ৰিয়া অলপ বেলেগ ।’

বিধেয়কখন অনুমোদনৰ পুৰ্বে একাংশ বিধায়কে জিলা ভিত্তিত পৰীক্ষা অনুষ্ঠিত কৰাত চৰকাৰক দাবী জনায় । বিৰোধীৰ কমলাক্ষ্য দে পুৰকায়স্থ, শ্বেৰমান আলী আহমেদ আদিকে ধৰি কে’বাজনো বিধায়কে যুক্তি দৰ্শায় যে জিলা ভিত্তিত বাছনি পৰীক্ষা পাতিলেহে তেনে জিলাবোৰৰ প্ৰাৰ্থীসকল লাভবান হ’ব । প্ৰকাৰান্তৰে পদবোৰ জিলা ভিত্তিত সংৰক্ষণৰ প্ৰস্তাৱ দিয়ে এই বিধায়কসকলে ।

কিন্তু মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তাৱ নাকচ কৰি কয়, ‘সংবিধানে ধাৰ্য কৰি দিয়া অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আদি শিতানতে পদ সংৰক্ষণ হ’ব । জিলা ভিত্তিত সংৰক্ষণৰ কথা আহিব নোৱাৰে । ব্যক্তিগতভাৱে ম‌ই বৰাকৰ পদবোৰ বৰাকৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষণ কৰাত আগ্ৰহী যদিও সেয়া নিয়মৰ ভিতৰত নপৰে । প্ৰাৰ্থীয়ে আবেদনৰ সময়ত নিজৰ পছন্দৰ জিলা বাছনি কৰিব পাৰিব ।’

বাছনি পৰীক্ষা অসম মাধ্যমিক শিক্ষা পৰিষদ, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আদিয়ে অনুষ্ঠিত কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জনায় । আয়োগখন তথ্য জনাৰ অধিকাৰ আইনৰ আওতাত থকাৰ কথাও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ।

Exit mobile version