Kidney Problems : নিঃশব্দে ঘাতক হৈ উঠিব পাৰে কিডনিৰ ৰোগ, কি কি লক্ষণে দেখা দিলে সতর্ক হ’ব

kidney agencies

মানৱ দেহৰ আটাইতকৈ গুৰুত্বপূর্ণ অংগৰ ভিতৰত অন্যতম হ’ল কিডনি বা বৃক্ক । বৃক্কৰ সমস্যাৰ সময় থাকোতেই চিকিৎসা নকৰিলে প্রাণৰ শংকাও হ’ব পাৰে । কিন্তু সমস্যা হ’ল যে, বহু ক্ষেত্রতেই কিডনিৰ সমস্যাৰ উপসর্গবোৰ ইমানেই মৃদু হয় যে, অসুখ গম্ভিৰ নোহোৱা পৰ্যন্ত বুজিব নোৱাৰি । জানক কি কি লক্ষণ থাকিলে আগতেই সতর্ক হ’ব ।

১। সকলো সময়তে ক্লান্ত লগা
কাম কৰাৰ উদ্যম হেৰুৱাই পেলোৱা বৃক্কৰ সমস্যাৰ অন্যতম প্রধান এক লক্ষণ । বৃক্কৰ মূল কামেই হ’ল তেজ পৰিশোধ কৰা । কিডনিয়ে সঠিকভাৱে কাম নকৰিলে তেজত বিষাক্ত আৰু অপ্রয়োজনীয় উপাদান বৃদ্ধি পায় । ফলত ক্লান্ত লাগে আক্রান্তৰ । ইয়াৰ উপৰি, ৰক্তাল্পতাৰ সমস্যাইও দেখা দিব পাৰে । ৰক্তাল্পতাৰ অন্যতম প্রধান লক্ষণ হ’ল স্বাভাৱিকৰ তুলনাত অধিক ক্লান্তি ।

২। অনিদ্রা
কিডনিয়ে সঠিকভাৱে কাম নকৰিলে মূত্রৰ মাধ্যমত অপ্রয়োজনীয় বর্জ্য পদার্থবোৰ শৰীৰৰ বাহিৰত ওলাব নোৱাৰে । ই অনিদ্রাৰ অন্যতম কাৰণ । বিশেষজ্ঞসকলৰ মতে, কিডনিৰ সমস্যাত আক্রান্ত লোকৰ টোপনি নহাৰ সমস্যা সুস্থ মানুহৰ তুলনাত অধিক ।

৩। ছালৰ সমস্যা
মানৱদেহত প্রয়োজনীয় লৱণ আৰু খনিজ পদার্থৰ ভাৰসাম্য বজায় ৰখাও কিডনিৰ অন্যতম প্রধান কাম । ছালৰ সজীৱতা বজায় ৰাখিবলৈ আৰু হাড়ৰ স্বাস্থ্য ৰক্ষাত এই উপাদানবোৰৰ বৃহৎ ভূমিকা থাকে । ফলত শুষ্ক ছাল, ছালৰ ঘা আৰু হাড়ৰ সমস্যা কিডনিৰ অসুখৰ অন্যতম লক্ষণ হ’ব পাৰে ।

৪। মূত্রৰ সমস্যা
যদি আপুনি বাৰে বাৰে মূত্রত্যাগ কৰিবলগীয়া হয় তেন্তে কিডনিৰ অসুস্থতাৰ লক্ষণ হ’ব পাৰে । বিশেষকৈ নিশা স্বাভাৱিকৰ তুলনাত অধিকবাৰ মূত্র ত্যাগ কৰিবলগীয়া হ’লে সতর্ক হোৱা প্রয়োজন । মূত্রৰ লগতে তেজ ওলোৱা বা মূত্রত অতিৰিক্ত ফেন হোৱা কিডনিৰ সমস্যাৰ লক্ষণ । মূত্রত এলবুমিন অধিক হ’লে অতিৰিক্ত ফেন তৈয়াৰ হয় ।

৫। ভৰি ফুলি যোৱা
কিডনিৰ সমস্যাত ছডিয়ামৰ ভাৰসাম্য নষ্ট হয় । ইয়াৰ ফলত ভৰি ফুলি যায় । বহু সময়ত খনিজ লৱণৰ ভাৰসাম্যৰ ফলত শৰীৰৰ পেশীত টান লগাৰ সমস্যা হয় । মূলতঃ কেলছিয়াম আৰু ফচফৰাচৰ সমস্যাত এনে ঘটনা ঘটে ।

Exit mobile version