পাঠশালা সাহিত্য সভাৰ স্মৰণিকা “বজালী দৰ্পন”ৰ মুনৰ মুদ্ৰণ

আনুষ্ঠানিক ভাৱে উন্মাচন কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

8636b331 cb17 4e1b 8198 d09c30f69f78

আমাৰ ভাষা সংস্কৃতি কোনেও চুৰ কৰিব নোৱাৰে, আমাৰ মুখৰ মাতষাৰ প্ৰাচীন ভাষাটো কোনেও কাঢ়ি নিব নোৱাৰে । আমি যিমান শিক্ষিত নহওঁ কিয় যদিহে আমি নিজৰ মাতৃভাষা কʼব নোৱাৰোঁ, লিখিব নোৱাৰোঁ, প্ৰচীন এই মাতৃভাষাটো পাহৰি যাও তেন্তে আমাৰ এই শিক্ষা অৰ্থহীন হৈ পৰিব এই মন্তব্য অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীৰ ।

ADVERTISEMENT

আজি পাঠশালাত পাঠশালা সাহিত্য সভা ভৱনত ভাৰতৰত্ন,কবি, প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে আয়োজন কৰা অসম সাহিত্য সভাৰ ১৯৮৭ চনৰ পাঠশালা অধিৱেশনৰ স্মৃতিগ্ৰন্থ “বজালী দৰ্পন” পুনৰ মুদ্ৰণ উন্মোচনী অনুষ্ঠানৰ সভা উদ্ধোধন কৰি এই মন্তব্য আগবঢ়ায় মৃণালিনী দেৱীয়ে ।

সভা উদ্ধোধনী ভাষণত তেওঁ পুনৰ কয় পৃথিৱী আজি ভীষণ অসুখত আক্ৰান্ত । এই আক্ৰান্তৰ মাজতেই আমি আমাৰ সমিতিখনে দুবছৰ কাল অতিক্ৰম কৰিলোঁ । আমাৰ জাতিৰ প্ৰতি আমাৰ ভাষা সংস্কৃতিৰ প্ৰতি আমাৰ যথেষ্ট কৰণীয় আছে আমি কৰিব‌ই লাগিব । আমি আমাৰ বিশ্বাস অতুত ৰাখি আমি জীয়াই থাকিব লাগিব আমি কৰ্ম কৰিব‌ই লাগিব বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় আজি এই সভাত উপস্থিত থাকিব পাই ম‌ই আনন্দিত হৈ পৰিছোঁ ।

সকলো পৰিস্থিতিতে‌ই আমি উৎসাহী হৈ থাকিব লাগে আমাৰ সাহিত্য সংস্কৃতি আমিয়েই জীয়াই ৰাখিব লাগিব তাৰ বাবে আমি অসম সাহিত্য সভাই সদায় কাম কৰি যাম ।

আজি ভাষাৰ কথা ওলালেই আমাৰ আত্মাই চিঞৰি উঠে সজাগ হৈ উঠে । আমি আমাৰ এই প্ৰাচীন ভাষাক লৈ সদায় গৌৰৱ অনুভৱ কৰি আহিছোঁ । আমি আমাৰ শিশু সকলক আমাৰ মাতৃভাষা শিকাব লাগে ।

ঘৰতেই প্ৰাথমিক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে । আমি সকলোৱে মিলি জুলি মাতৃভাষা প্ৰাচীন ভাষা কোৱাৰ প্ৰশিক্ষণ দিব লাগিব বুলি নিজৰ ভাষণত প্ৰকাশ কৰে । পাঠশালা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল গোস্বামীৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ দাস, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি তথা বিশিষ্ট সাংবাদিক সতীশ চন্দ্ৰ চৌধুৰী, আৱাহন থিয়েটাৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়, পাঠশালা বজাৰ সমিতিৰ সভাপতি গিৰীধৰ চৌধুৰী, শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীকে আদি কৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি ।

পাঠশালা সাহিত্য সভাৰ সম্পাদক অতুল কলিতাই আত ধৰা তথা উদ্দেশ্য বাখ্যা কৰা সভা খনত বজালীৰ আত্মা স্বৰূপ অসম সাহিত্য সভাৰ ১৯৮৭ চনৰ পাঠশালা অধিৱেশনত প্ৰকাশ হোৱা “বজালী দৰ্পন” স্মৰণিকা খনৰ পুনৰ মুদ্ৰণ উন্মোচন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা পাটাছাৰকূছীৰ স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসে ।

স্মৰণিকা উন্মোচন কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে নিজৰ ভাষণত পাঠশালা সাহিত্য সভাৰ এনে কৰ্মক প্ৰশংসা কৰি তেওঁ কয় আমি বিগত দিনত অসম সাহিত্য সভাৰ বিভিন্ন স্থানত অনুস্থিত হোৱা অধিৱেশন সমূহত স্মৰণিকাৰ প্ৰকাশ পোৱা দেখি আহিছোঁ ।

কিন্তু প্ৰকাশ পোৱা স্মৰণিকা পুনৰ মুদ্ৰণ কৰা দেখিবলৈ পোৱা নাছিলোঁ । আজি আমি দেখিবলৈ পালোঁ যোৱা ১৯৮৭ চনতেই প্ৰকাশ পোৱা বজালী দৰ্পন নামৰ স্মৰণিকা খন আজি সুদীৰ্ঘ ইমান বছৰ পিছত পুনৰ মুদ্ৰণ হোৱা । এইয়া সচাকৈ এক প্ৰশংসনীয় পদক্ষেপ।

অসম সাহিত্য সভাৰ ইতিহাসত এইখনেই প্ৰথম অধিবেশনত প্ৰকাশ পোৱা স্মৰণিকা যিখন দ্বিতীয় বাৰৰ বাবে মুদ্ৰণ কৰা হʼল বুলি মন্তব্য কৰি তেওঁ অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন পুনৰ আৰু পাঠশালাত অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনায় অসম সাহিত্য সভাক ।

সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই নিজৰ ভাষণত পাঠশালা শাখা সাহিত্য সভাৰ এনে কৰ্মক প্ৰশংসা কৰি ৰাজ্যৰ বিভিন্ন শাখা সমূহকো এনেধৰণৰ কৰ্ম কৰিবলৈ অনুৰোধ জনাই মন্ত্ৰী ৰণজিৎ দাসে পাঠশালা সাহিত্য সভাৰ পুৰ্ণাংগ অধিৱেশন অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনোৱাৰ কথা সভাৰ কাৰ্যনিৰ্বাহ সভাত উল্লেখ কৰিব বুলি নিজৰ ভাষণত প্ৰকাশ কৰে ।

উক্ত সভাতেই অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি তথা বিশিষ্ট সাংবাদিক সতীশ চন্দ্ৰ চৌধুৰী, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা, কৃষ্ণ ৰয়, ৰণজিৎ কুমাৰ দাসক পাঠশালা প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনায় । প্ৰেছ ক্লাবৰ সভাপতি পুলু কুমাৰ শৰ্মাই আত ধৰা সম্বৰ্ধনা অনুষ্ঠানত মানপত্ৰ প্ৰদান কৰা হয় সতীশ চৌধুৰীক ।

উল্লেখ্য যে বিশিষ্ট সাংবাদিক সতীশ চৌধুৰীয়ে পাঠশালা প্ৰেছ ক্লাবৰ স্থায়ী গৃহ নিৰ্মাণৰ বাবে প্ৰেছ ক্লাবক নিজৰ ভূমি দান কৰিছিল ।

Exit mobile version