বাসগৃহক লৈ মিছা মাতিছিল মাস্কে ? ৯৪০ কোটিটকীয়া ঘৰতহে থাকে বিশ্বৰ ধনাঢ্য ব্যক্তিজনে

5da8db93e94e862d7966e2a2

টেছলা আৰু স্পেচএক্সৰ মুৰব্বী এলন মাস্কে গােপনে টেক্সাছৰ অষ্টিনত ১২ নিযুত ডলাৰ মূল্যৰ এটা প্রাসাদোপম বাসগৃহত বসবাস কৰি আহিছে।

পূর্বে মাস্কে দাবী কৰি কৈছিল যে তেওঁ সকলাে সা-সম্পত্তি বিক্ৰী কৰাৰ পাছত স্পেচএক্সৰ উৎক্ষেপণ কেন্দ্ৰত মাত্র ৫০ হেজাৰ ডলাৰ মূল্যৰ এটা ক্ষুদ্র কোঠাত বসবাস কৰি আহিছে।

‘দ্য ৱাল স্ট্রিট জার্ণেল’ৰ বাতৰি অনুসৰি, মাস্কে বিগত এবছৰ ধৰি তেওঁৰ প্ৰেয়সী কেন হাভেৰীৰ স’তে টেক্সাছৰ ৱাটাৰফ্রন্ট এষ্টেটত বসবাস কৰি আহিছে।

অৱশ্যে হাভেৰীয়ে ‘দ্য ৱাল স্ট্রিট জার্ণেল’ৰ এই বাতৰি অস্বীকাৰ কৰি কৈছে যে তেওঁ মাস্কৰ স’তে টেক্সাছৰ বিলাসী বাসগৃহত নাথাকে, বৰঞ্চ দক্ষিণ টেক্সাছতহে বসবাস কৰি আহিছে।

হাভেৰীয়ে লগতে কয় যে অষ্টিনলৈ যাত্ৰা কৰাৰ সময়ত কেতিয়াবা মাস্কে অতিথি হিচাপে তেওঁৰ বাসগৃহতহে দিন অতিবাহিত কৰে।

টেছলা আৰু স্পেচএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া তথা বিশ্বৰ সবাতােকৈ ধনাঢ্য ব্যক্তি মাস্কে যােৱা বছৰত ঘােষণা কৰি কৈছিল যে তেওঁ কেলিফর্ণিয়াত থকা নিজৰ নটা বাসগৃহ ১৪৪ নিযুত ডলাৰত বিক্ৰী কৰাৰ পাছত সম্প্রতি গৃহহাৰা জীৱন যাপন কৰিছে।

যােৱা জুনত টুইট কৰি মাস্কে লগতে কৈছিল যে নিজৰ বাসগৃহকেইটা বিক্ৰী কৰাৰ পাছত তেওঁ এতিয়া ৫০ হেজাৰ ডলাৰ মূল্যৰ এটা কন্টেইনাৰসদৃশ গৃহত বাস কৰিছে।

কিন্তু ‘দ্য ৱাল স্ট্রিট জার্ণেল’ৰ বাতৰি অনুসৰি বিশ্বৰ ধনাঢ্য ব্যক্তিজনে নিজকে গৃহহীন বুলি মিছা মাতিছিল, দৰাচলতে মাস্কে টেক্সাছৰ অষ্টিনত ভাৰতীয় মূল্যত কমেও ৯৪০ কোটিটকীয়া এটা ৰাজপ্রাসাদত প্ৰেয়সীৰ স’তে জীৱন যাপন কৰিছে।

Exit mobile version