শালবাৰীৰ বাঁহবাৰীত খ্ৰীষ্টান ধৰ্মাৱলম্বী আদিবাসী শ্ৰমিকৰ মাজত কম্বল বিতৰণ টিচিএলচিচিৰ অধ্যক্ষৰ

330de71a 029d 482c 8eba a2bce4cf6ab9

পবিত্ৰ বৰদিন উপলক্ষে বিটিআৰৰ শালবাৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰীৰ ব্যক্তিগত উদ্যেগত শালবাৰীৰ বাঁহবাৰী ভিচিডিচিৰ অন্তৰ্গত ফাতেমাবাদ চাহ বাগিচাৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী আদিবাসী চাহ শ্ৰমিকৰ মাজত আজি কম্বল বিতৰণ কৰা হয়।

উল্লেখ্য যে শালবাৰীৰ টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰীৰয়ে বাঁহবাৰী ভিচিডিচিৰ অধ্যক্ষ যোগেশ দৈমাৰী, ইউপিপিএলৰ যুৱ কোষৰ শালবাৰী জিলা সমিতিৰ সভাপতি সত্যজিৎ বড়োৰ লগতে কেবাগৰাকীও ভিচিডিচিৰ বিষয়ববীয়াক লগত লৈ ফাতেমাবাদ চাহ বাগিচাৰ দুখীয়া আদিবাসী চাহ শ্ৰমিকৰ ঘৰে ঘৰে গৈ দুই শতাধিক পৰিয়ালৰ মাজত কম্বল বিতৰণ কৰে।লগতে পবিত্ৰ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

Exit mobile version