ৰােগ প্ৰতিৰােধৰ বাবে অমৰা কিয় খাব লাগে

6e1b261326012a6a971f78ebb907c1ff

ৰােগ প্ৰতিৰােধৰ বাবে অমৰা খাবলৈ পৰামৰ্শ আগবঢ়াইছে গৱেষকসকলে। কম-বেছি পৰিমাণে প্ৰায়ভাগ লােকেই অমৰা খায়।

কিছুমানে কেঁচা অমৰা নিমখ, জলকীয়াৰে সােৱাদ লগাকৈ খােৱাৰ বিপৰীতে আন কিছুমানে পকিলে খাই ভাল পায়। এই অমৰাৰাে আছে বিশেষ গুণ।

শৰীৰৰ বাবে প্রয়ােজনীয় উপাদান আয়ৰণ, ভিটামিন ‘চি’, কেলছিয়াম, আঁহ আদি থাকে। চর্বি আৰু তেল জাতীয় খাদ্য গ্রহণৰ পাছত যদি অলপ অমৰা খায় তেতিয়াহ’লে হজম শক্তি স্বাভাৱিক কৰি ৰাখে।

ইয়াত প্ৰচুৰ পৰিমাণে চি’ ভিটামিন পােৱা বাবে স্কার্ভি ৰােগৰ পৰাও হাত সাৰিব পাৰি। যদি কোনাে লােকৰ খাবলৈ মন নাযায় তেতিয়াহ’লে অমৰা সামান্য পৰিমাণে খালে ৰুচি আহে।

বিশেষকৈ দীর্ঘদিন ধৰি অসুখত আক্রান্ত হােৱাৰ পাছত অমৰা আদি খালে খােৱাৰ ৰুচি আহে।

★বিভিন্ন সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিব ভালদৰে পাৰে।

★যিসকল লােক চর্দি, কাহত সঘনাই আক্রান্ত হৈ থাকে তেওঁলােকে অমৰা খালেও উপশম লাভ কৰাটো সম্ভৱ।

★অমৰা নিয়মীয়াকৈ সামান্য পৰিমাণে খালে তােক স্বাভাৱিক হয়।

★অমৰা খালে ইয়াত থকা উপাদানে তেজ গােট মৰাত সহায় কৰে।

★ইয়াত থকা ভিটামিন ‘এ’ আৰু ই’ একলগ হৈ এন্টিঅক্সিডেন্ট হিচাপে, কাম কৰে।

★দাঁতৰ আলু শক্তিশালী কৰাত সহায়ক। তদুপৰি আলুৰ পৰা তেজ-পুঁজ আদি প্ৰতিৰােধ কৰে অমৰাই।

★ভিতৰতকৈ বাহিৰত অর্থাৎ বাকলিত ভিটামিন ‘চি’ বেছি থাকে।

Exit mobile version