মুৰ্গী আগত নে কণী আগত? যুগ যুগ ধৰি চলি আহিছে এই প্ৰশ্ন । কিন্তু কোনটো আগত আহিছে তাক লৈ এটা ডাঙৰ সন্দেহ সকলোৰে মনত থাকি গৈছে ।
একাংশই দাবী কৰা অনুসৰি মুৰ্গী আগতে আহিছে। ইফালে আন একাংশৰ মতে, মুৰ্গী নহয়, কণী প্ৰথম ।
কিন্তু কোনটো আগতে আহিছে তাক লৈ বছৰ ধৰি বছৰ গৱেষণা চলি আহিছে । শেহতীয়াকৈ, গৱেষকৰ এটা দলে এই ৰহস্যটো সমাধান কৰিছে। তেওঁলোকে দাবী কৰে যে কণী নহয় প্ৰথমে আহিছে মুৰ্গী । তেওঁলোকে প্ৰমাণ সহ পোহৰলৈ আনিছে এই তথ্য ।
বিষয়টোক লৈ গৱেষণা কৰি আছিলে ব্ৰিটেইনৰ শ্বেফিল্ড আৰু ৱাৰউইক বিশ্ববিদ্যালয়ৰ গৱেষকসকলে । দীৰ্ঘদিন ধৰি চলোৱা গৱেষণাৰ পাছত, তেওঁলোকে সেই প্ৰশ্নৰ উত্তৰ বিচাৰি পালে।
গৱেষকসকলে দাবী কৰে যে কণীৰ বগা অংশত অ’ভক্লিডিন(অ’চি-১৭)নামৰ এবিধ প্ৰ’টিন থাকে। কণী সৃষ্টিত এই প্ৰ’টিনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰু এই প্ৰ’টিন মুৰ্গীৰ গৰ্ভশয়ত পোৱা যায়।
গৱেষকসকলে দাবী কৰে যে এইটোৱে প্ৰমাণ কৰে যে মুৰ্গী প্ৰথমে আহিছিল। তাৰ পাছত, মুৰ্গীৰ জৰায়ুত অ’ভক্লিডিন প্ৰ’টিন গঠন হৈছে। সেই প্ৰ’টিনৰ পৰাই কণী গঠন হয়।