দিনটোৰ ৰাশিফল

HORO2 1

মেষ: মধ্যম যােগাযােগ। বন্ধু-বান্ধৱৰ পৰা উৎসাহ পাব। কোনাে। মাংগলিক কর্মত কোনােৱে ব্যস্ত হৈ পৰিব পাৰে। আপুনি ভৱিষ্যতৰ আঁচনি প্রস্তু কৰাৰ কথা ভাৱক। দাম্পত্যত সাধাৰণ উৎকণ্ঠা।

বৃষ :শৰীৰ মন ভালেৰে ৰখাৰ যত্ন কৰক। অনাহক বা হকেই হওক ধৈর্য ধৰি সমস্যা নিয়ন্ত্রণট কৰক। আর্থিকত অলস চিন্তা থাকিব। ঘৰুৱা লােকৰ লগত বৰ বুজাপৰা থাকিলেও সন্তুষ্ট নহ’ব।

মিথুন : কর্মস্থানত বাধা নাপাব যদিও একেবাৰে নিশ্চিন্তও হ’ব নালাগে। দুটা-এটা যুক্তিপূর্ণ কথাত নিজৰ ব্যক্তিত্ব দেখুৱাব পাৰিব। খৰচ-পাতি বৃদ্ধিৰ কাৰক। দাম্পত্যত মধ্যম। বিদ্যাত ভয় কম।

কর্কট :আর্থিক উন্নতিৰ সুযােগ। কোনাে অর্থকাৰী দিশত যােগাযােগ কৰি উৎসাহিত হ’ব পাৰে। পাৰিপাৰ্শ্বিক লৈ বেছি চিন্তা নকৰিব। সন্তান, দাম্পত্য, কর্মাদিত সাধাৰণ ক্লেশ। ঘৰুৱাত মধ্যম।

সিংহ : প্রায় শুভ দিন। কিন্তু জীৱনত গুৰু দুর্বল থাকিলে প্রাপ্য সুযােগ পৰা সামান্য হলেও নিৰাশ হ’ব। সামগ্রিকভাৱে আপুনি বিভিন্ন যােগাযােগত উৎসাহ পাব। বিদ্যাত মন দিলে সুনাম হ’ব।

কন্যা : মনােজ্ঞ কথাৰ বাবে আনন্দিত হ’ব। কর্মস্থানত বেয়া নহ’ব। কোনাে স্পষ্টবাদীৰ বাবে অলপ অসুবিধা আহিব যদিও পাছত খুব বেয়া নহ’ব। দাম্পত্যত মধ্যম। পঢ়া-শুনাত মন দিয়ক।

তুলা : তুলনামূলকভাৱে বিচিত্র যােগাযােগ হ’ব পাৰে। তাৰ ভিতৰত অনুকূলৰ মাত্রা বেছি। ব্যৱসায়িক দিশত মন্থৰতা থাকিব। প্ৰেমত শুভ। দাম্পত্যত অসুস্থ। বিদ্যাত গতানুগতিক।

বৃশ্চিক :আইন সম্পর্কীয় কামত বেছি মনােযােগ নিদিব। কিন্তু চলি থকা মামলাদিত নজৰ দিয়ক। পাৰিলে দৰকাৰী কাম সমাধান কৰক।

ধনু : আর্থিকত মােটামুটি। তাৰ মাজতে চোৰ, ডকাইতি সংকটৰ বাবেও। সচেতন থাকক। বিদ্যাত বেয়া নহ’ব। দাম্পত্যত মধ্যম।

মকৰ: ভাবি-শুনি কামত আগুৱাওক। সহজতে আনৰ কথাক বিশ্বাস নকৰিব। ভুল সংবাদত অনুগামী হ’লে ক্ষতি বিদ্যাত অৱশ্যে বেয়া ন’হব। ব্যৱসায়-বাণিজ্যত মজলীয়া ফল। দাম্পত্যত শুভ।

কুম্ভ :কর্মস্থানত জটিলতা কম পাব। হঠাৎ শৰীৰে কিছু আমনি কৰিব পাৰে। দাম্পত্যত বুজা পৰাৰে চলিব পাৰিব। সন্তান কথাত সাধাৰণ উদ্বেগ। ভ্ৰমণত সতর্ক হওক। প্ৰেমত আন্তৰিকতা।

মীন : প্রিয় সংগৰ স’তে আনন্দ লাভ। কিন্তু মাত্রাধিকত সাৱধান। বিদ্যাদিত যাতে ব্যাঘাত নঘটে। সন্তানৰ কর্মাদিত আনন্দ প্রাপ্তি।

Exit mobile version