পাঠশালাৰ জালিখাটা কলিবাৰী থানত বজালী জিলা প্ৰশাসন আৰু সংবাদ মাধ্যমৰ ইতিবাচক কথোপকথন

WhatsApp Image 2021 12 26 at 7.41.36 PM

বজালীৰ ঐতিহ্যমণ্ডিত তথা এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বট বৃক্ষৰে পৰিবেষ্টিত জালিখাটা কলিবাৰী থানত আজি বজালী জিলা প্ৰশাসনে আয়োজন কৰা জিলা প্ৰশাসন আৰু সাংবাদিকসকলৰ মাজত এক ইতিবাচক কথোপকথন অনুষ্ঠান অনুষ্ঠিত হয় । বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ নেতৃত্বত আয়োজন কৰা অনুষ্ঠানটোত বজালী জিলাৰ বিভিন্ন প্ৰান্তৰ ছপা আৰু বৈদ্যুতিক সংবাদ মাধ্যমৰ সাংবাদিকসকলে অংশগ্ৰহণ কৰে । বিশিষ্ট সাংবাদিক পুলু কুমাৰ শৰ্মাই আত ধৰা অনুষ্ঠানত সাংবাদিকসকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা ডায়েৰী, কেলেণ্ডাৰ, কলম আদি প্ৰদান কৰি আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে ।

অনুষ্ঠানত জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে নিজৰ প্ৰসংগত প্ৰশাসন আৰু সংবাদ মাধ্যমৰ কৰণীয় কামৰ কথা উল্লেখ কৰি কয়, ‘জিলা প্ৰশাসনৰ প্ৰশাসন যন্ত্ৰৰ স’তে জড়িত বিষয়াসকলৰ যদি জিলাখনৰ ভৌগোলিক স্থিতি, সংস্কৃতি, জিলাখনৰ অভাৱ-অভিযোগ জ্ঞান বা জিলাখনৰ জনসাধাৰণৰ স’তে সম্পৰ্ক নাথাকে তেতিয়া প্ৰশাসন যন্ত্ৰটোৱে যিমানেই চেষ্টা নকৰিলেও জিলাখনক বিকাশৰ দিশত অগ্ৰগতিৰ বাটেৰে আগবঢ়ায় নিব নোৱাৰে ।’

সাংবাদিকসকলে প্ৰশাসনৰ স’তে মধুৰ সম্পৰ্ক ৰক্ষা কৰি সকলো দিশতে জিলাখনক আগবঢ়ায় নিয়াৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগীতাক উপায়ুক্তগৰাকীয়ে স্বীকাৰ কৰে । উপায়ুক্ত দেৱ চৌধুৰীৰ স্পষ্ট মত যে সাংবাদিকসকলে ইতিবাচক-নেতিবাচক সকলো খবৰে প্ৰকাশ কৰি প্ৰশাসনক জনায় আৰু তাৰ ভিত্তিতেই যিবোৰ নেতিবাচক খবৰ সেইবিলাক খবৰ ইতিবাচক পৰ্যায়লৈ অনাৰ ক্ষেত্ৰত তৎপৰতাৰে ভূমিকা গ্ৰহণ কৰি জিলাখনৰ নেতিবাচক কথাবোৰ যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰে । এই উদ্দেশ্য আগত ৰাখিয়েই আজি জিলা প্ৰশাসন আৰু সাংবাদিকৰ মাজত সমন্বয়ৰ সেতু নিৰ্মাণ কৰাৰ কাৰণে আৰু জিলাখনক অধিক ক্ষিপ্ৰতাৰে উন্নয়নৰ বাটত আগবঢ়ায় নিয়াৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইতিবাচক কথোপকথনেৰে ।

অনুষ্ঠানটোত বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসে নিজৰ ভাষণত জিলাখনৰ সাংবাদিকসকলে লৈ অহা ইতিবাচক ভূমিকাক প্ৰশংসা কৰে । অনুষ্ঠানটোত সাংবাদিক ক্ৰমে ৰাণা ডেকা, নবকান্ত কলিতা, জিণ্টুল তালুকদাৰ, কল্যাণ কলিতাকে ধৰি কে’বাগৰাকীও সাংবাদিকে ভাষণ প্ৰদান কৰি জিলাখনৰ ভিতৰৰ বহুতো অভাৱ-অভিযোগ প্ৰাশাসনক দৃষ্টি গোচৰ কৰায় ।

অনুষ্ঠানটোত বজালী জিলাৰ অতিৰিক্ত উপায়ুক্ত মনজ্যৌতি কুটুম, জিলা নিৰ্বাচনী বিষয়া হেমাশ্ৰী খনিকৰ, বজালী খণ্ড উন্নয়ন বিষয়া ৰঞ্জন বেজবৰুৱা, বজালী চক্ৰ বিষয়া কাকুমণি শ‌ইকীয়াকে আদি কৰি কে’বাগৰাকীও বজালী জিলা বিষয়া কৰ্মচাৰী উপস্থিত থাকে । উল্লেখ্য যে উক্ত অনুষ্ঠানতেই কলিবাৰী থানৰ স’তে জড়িত কে’বাগৰাকীও ব্যক্তিক উপায়ুক্ত তথা জিলা প্ৰশাসনে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে ।

Exit mobile version