বছৰৰ শেষৰটো দেওবাৰত উখলমাখল পৰিবেশ মানাহৰ বনভোজস্থলীত

চেল্ফীজ’নত পৰিণত বেঁকীৰ সুশীতল পানীযুৱলি

ad8bd3a6 71a1 45e5 9f67 17c54f7595ea

আজি বছৰৰ অন্তিমটো দেওবাৰ ৷ অন্তিম দেওবাৰটোত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বনভোজকাৰী দলেৰে এক উখলমাখল পৰিবেশৰ সৃষ্টি হয় প্ৰকৃতিৰ ৰাণী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ অন্তৰ্গত বেঁকী নৈপৰীয়া নাৰায়ণগুৰিৰ বনভোজস্থলীৰ বাকৰি৷

সৰু বৰ বিভিন্ন গাড়ীৰে আজি ৰাতিপুৱাৰ পৰাই সোঁত বৈছে শ শ বনভোজকাৰী দলৰ৷এক বিৰদি বাট নোপোৱা অৱস্থা মানাহৰ বনভোজস্থলীৰ পৰিবেশ৷

বিভিন্নজনে মাছে মংঙহে এসাঁজ খাই আনন্দ উল্লাস কৰাৰ লগতে কাষতে থকা বেঁকী নৈৰ বুকুত উপভোগ কৰিছে নৌকা বিহাৰৰ৷বিভিন্নজনে আনন্দ লৈ মানাহৰ অন্তৰ্ভাগত জীপ ছাফাৰী কিম্বা হাতী ছাফাৰীৰ৷

মুঠতে কৰ’নাকালীন দুবছৰীয়া সময়ৰ পাছত যেন মানাহৰ বুকুত আজি পৰ্যটক-বনভোজকাৰী দলেৰে উথপথপ পৰিৱেশ৷ উল্লেখ্য যে বিশ্ব ঐতিহ্যক্ষেত্ৰস্থল তথা ব্যাঘ্ৰ প্ৰকল্প খ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ সমীপৱৰ্তী নাৰায়ণগুৰিৰ মাজেৰে বৈ যোৱা বেঁকী নৈৰ পাৰত আজি হেজাৰ হেজাৰ লোক সমবেত হৈ বনভোজৰ আনন্দ লোৱাৰ বিপৰীতে বহুতেই আকৌ সুশীতল বেঁকী নৈয়ে পথ সলাই শিলৰ ওপৰেৰে কুলুকুলু ধ্বনি তুলি বৈ যোৱা পানীযুৱলিত নামি মোবাইলত চেল্ফী লোৱাত ব্যস্ত হৈ পৰা দৃশ্যই যেন মানাহৰ বেঁকী নৈৰ পাৰৰ নাৰায়ণগুৰিক এক চেল্ফীজ’নলৈহে ৰূপান্তৰিত কৰিছে৷

উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাবুল ব্ৰহ্মই এইবেলি মানাহলৈ পূৰ্বতকৈ অধিক পৰ্যটক অহাৰ কথা উল্লেখ কৰি কয় যে পৰ্যটকে বনভোজ খোৱাৰ উপৰিও তেওঁলোকে জীপ ছাফাৰী কৰি মানাহৰ মুখ্য প্ৰবেশদ্বাৰৰ পৰা ভূটান সীমান্তৱৰ্তী মথনগুৰিলৈ গৈ মানাহৰ মনোমোহা প্ৰাকৃতিক পৰিবেশ উপভোগ কৰিব পাৰিব৷

কোনো লোকে যাতে নিচাসক্ত হৈ পৰিৱেশ বিনস্ত কৰিব নোৱাৰে তাৰপ্ৰতিও চোকা নজৰ ৰাখিছে মানাহ কৰ্তৃপক্ষৰ লগতে স্থানীয় এনজিঅ,আৰক্ষী প্ৰশাসনৰ লোকে৷

Exit mobile version