তেজপুৰৰ ভোমোৰাগুৰিত ঢেকিয়াপতীয়া বাঘ

902390 Adarsh Nagar Leopard

তেজপুৰৰ ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলৰ লগতে কাষৰীয়া অঞ্চলত যোৱা প্ৰায় ২০দিনে এটা প্ৰাপ্ত বয়স্ক ঢেকিয়াপতীয়া বাঘে বিচৰণ কৰি আছে ৷এই কথা নিশ্চিত কৰিছে বন বিভাগে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বুলি ধাৰণা কৰা এই বাঘটোৱে সম্প্ৰতি ভোমোৰাগুৰি পাহাৰতে আশ্ৰয় লৈ আছে৷উল্লেখযোগ্য যে,১৫৬.১৭ হেক্টৰজোৰা বনাঞ্চলখনত বনৰীয়া গাহৰি,পহু,বান্দৰ আৰু বিভিন্ন প্ৰজাতিৰ সাপ আছে৷

ব্ৰহ্মপুত্ৰৰ পাৰৰ তথা কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ কাষৰে এই বনাঞ্চলত হঠাতে ঢেকিয়াপতীয়া বাঘটোৰ আৱিৰ্ভাৱকলৈ ইতিমধ্যে বন্যপ্ৰাণী সংমণ্ডলক জনোৱা হৈছে৷

উল্লেখযোগ্য যে,কাজিৰঙা কৰ্তৃপক্ষই ভোমোৰাগুৰিত শেহতীয়াকৈ স্হাপন কৰা উদ্যান তথা বনভোজথলীৰ পৰা দেওবাৰে বনভোজ দলসমূহকো সন্ধিয়াৰ পূৰ্বেই উভটাই পঠাই
বনকৰ্মীয়ে৷

দেওবাৰে নিশা ভোমোৰাগুৰিস্হিত বনবিভাগৰ বিটকাৰ্যালয়ৰ কাষতে বাঘটোৰ আৱিৰ্ভাৱ ঘটে৷কাৰ্যালয়টোৰ এটা পকী কুঁৱাৰ কাষত নিশা প্ৰায় ৭-১৫বজাত এটা কুকুৰক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে বাঘটোৱে৷

বাঘটোৰ উপস্থিতিৰ বিষয়ে অজ্ঞ বনবিষয়া প্ৰদীপ নাথ,দামোদৰ বৈশ্য,লোহিত নেওঁগ আদিয়ে কাৰ্যালয়টোৰ পৰা ওলাই গৈ বাঘটোক দেখা পাই ফটকা ফুটুৱাত বাঘটো আতৰি যায়৷উল্লেখযোগ্য যে, এই তিনিগৰাকী বনকৰ্মীৰ উপৰি সংৰক্ষিত বনাঞ্চল খনৰ সুৰক্ষাৰ দায়িত্বত আন দুজন নিৰ্দ্ধাৰিত পৰিমানৰ বেতন লাভ কৰা ফাৰুক হুছেইন আৰু ৰুমেছ আলি নামৰ বনকৰ্মী দুগৰাকী আছে৷

৩৭(ক)নম্বৰ ৰাষ্ট্ৰীয় পথৰ কাষৰ এই কাৰ্যালয়টোত পোহৰৰ কোনো ব্যৱস্থাই নায়৷উল্লেখযোগ্য যে,চাৰিশৰীয়া পথ নিৰ্মাণৰে জড়িত এটা কোম্পানীয়ে এই বনকাৰ্যালয়টোৰ নিৰ্মাণৰ লগতে পোহৰৰ ব্যৱস্থা কৰাৰ বাবে ইতিমধ্যে বনবিভাগক ধন আদায় দিয়াৰ পাছত গৃহনিৰ্মাণৰ কাম চলিছে য’দিও পোহৰৰ ব্যৱস্থা কৰা হোৱা নায়৷

প্ৰণিধানযোগ্য যে,এই কাৰ্যালয়টোত সৌৰশক্তি ৰ দ্বাৰা পোহৰৰ ব্যৱস্থা কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই৷সম্প্ৰতি ঢেকিয়াপতীয়া বাঘটোৰ উপস্থিতিত নিশা বনকাৰ্যালয়টোৰ পৰা বাহিৰলৈ ওলাবলৈকো শংকিত হৈছে বনকৰ্মী সকল৷

ইপিনে দুনিশা পূৰ্বে বাঘটো নৱনিৰ্মীত চাৰিশৰীয়া পথৰ ওপৰতে থকাত পথনিৰ্মাণৰে জড়িত বাহনো আৱদ্ধ হৈ পৰে৷ৰাজভৰালকে ধৰি ভোমোৰাগুৰিৰ কাষৰীয়া অঞ্চলত বিচৰণ কৰা বাঘটোৱে নিশা গোজৰণি মৰাৰ বিষয়ে প্ৰকাশ কৰি বনকৰ্মী সকলে কয় যে সহবাসৰ এই সময়ত অৰণ্যত আন বাঘৰ আক্ৰমণৰ পৰা সাৰিবলৈকে এইদৰে বাঘটো ভোমোৰাগুৰিলৈ অহাৰ সম্ভাৱনা আছে৷

উল্লেখযোগ্য যে কাজিৰঙাৰ লগতে কাষৰীয়া বুঢ়াচাপৰিতো বৰ্তমান ঢেকিয়াপতীয়া বাঘৰ সংখ্যা বৃদ্ধি পাইছে আৰু ইয়াৰ পৰাও পূৰ্বে বাঘ আহি ভোমোৰাগুৰি আৰু কাষৰীয়া অঞ্চলত বিচৰণ কৰাৰ একাধিক নজিৰ আছে৷

Exit mobile version