দিনটোৰ ৰাশিফল

1477578

মেষঃ নিজৰ বিচাৰ বুদ্ধিক কামত লগাওতে দুবাৰ চিন্তা কৰাটো উচিত । দাম্পত্যত জটিলতা কম । সন্তানৰ ভৱিষ্যৎ সম্পৰ্কে বিশেষ গুৰুত্বৰ নহ’লেও চিন্তা থাকিব । শুভ ৰং আকাশী নীলা ।

বৃষঃ যোৱা দিনৰ তুলনাত আজি ফৰকাল । ঘৰুৱা পৰিৱেশ আপোনাৰ অনুকূল । সতি-সন্ততিৰ বাবে বিশেষ দুৰ্ভৱনা দেখা নাযায় । কৰ্মক্ষেত্ৰত আপোনাৰ ব্যক্তিত্ব অক্ষুণ্ণ থাকিব । ভ্ৰমণত সাৱধান হ‌ওক । শুভ ৰং ক্ৰীম । শুভ সংখ্যা ৩ ।

মিথুনঃ আৰ্থিক ক্ষেত্ৰত সাধাৰণ জটিলতা থাকিব । বুদ্ধিৰ অপব্যৱহাৰ হোৱা আশংকা থাকিব । প্ৰেম-প্ৰীতিত মধ্যম যোগ । ঘৰুৱা উন্নতিৰ প্ৰচেষ্টা । বন্ধুৰ আগমন । শুভ ৰং ৰঙা, শুভ সংখ্যা ৪ ।

কৰ্কটঃ আৰ্থিক উন্নতিৰ বাবে কিছু যত্নত থাকক । বিদ্যাত তেনে আহুকাল দেখা নাযায় । বন্ধুবৰ্গৰ লগত বিশেষ সান্নিধ্য নকৰাই ভাল হ’ব । নতুন কোনো আশাৰ সন্ধান পালেও গোপনে ৰাখক । শুভ ৰং কমলা, শুভ সংখ্যা ৫ ।

সিংহঃ যোগাযোগৰ ইচ্ছুকে উৎসাহ লাভ কৰিব । সৰ্কসন্ধানীয়ে হঠাৎ সুসংবাদ লাভ কৰিব পাৰে । অৱশ্যে জটিল চক্ৰৰ সাৱধান হ‌ওক । ঘৰুৱা মধ্যম । সন্তানৰ শুভ । প্ৰেমত উৎসাহ । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭ ।

কন্যাঃ দিনটো প্ৰায় ভালেৰে পাৰ হ’ব । বিদ্যাত কিছু সমস্যা আহিব পাৰে । কৰ্মস্থানত শৰীৰ ভালে ৰখাৰ যত্ন কৰক । ভ্ৰমণ সম্ভৱ । পিছে সাৱধান হ‌ওক । শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯ ।

তুলাঃ (অশুভ প্ৰভাৱ হ্ৰাস পাব । বিদ্যাৰ্থীয়ে আদৰ পাব) । সংবাদত সুখী হ’ব । কৰ্মক্ষেত্ৰত যোগ্যতা থাকিব । ঘৰুৱা জটিলতা সকলোৰে সমান নহ’ব । ব্যৱসায়-বাণিজ্যত বেছি লাভবান নহ’ব পাৰে । শুভ ৰং কমলা, শুভ সংখ্যা ২ ।

বৃশ্চিকঃ মজলীয়া দিন । কোনো আত্মীয়ৰ বাবে চিন্তা থাকিব । বিদ্যাৰ্থীৰ সময়টো খুব বেয়া নহ’ব । দাম্পত্যত চঞ্চলতা থাকিব যদিও বিশেষ আহুকাল নাই । সন্তানৰ ভৱিষ্যৎ সম্পৰ্কে উৎসাহ । শুভ ৰং নীলা, শুভ সংখ্যা ৬ ।

ধনুঃ শৰীৰ খুব ভাল নহ’লেও বিশেষভাৱে কোনোৱে সন্মানিত হোৱাৰ যোগ । পাৰিবাৰিক আৰু কৰ্মক্ষেত্ৰত ভালেই দেখা যায় । আৰ্থিকত মধ্যম । পঢ়া-শুনাত শুভ । শুভ ৰং বগা, শুভ সংখ্যা ৭ ।

মকৰঃ মানসিক দিশত উন্নত দিন । বিদ্যাতো মনোযোগ বঢ়াব পাৰিব । শৰীৰৰ প্ৰতি বিশেষ চিন্তা নাই । দাম্পত্যত বুজা-পৰা থাকিব । কিবা প্ৰাপ্যাদি থাকিলে যত্ন কৰক । যোগাত্মক ফল পাব । শুভ ৰং ৰঙা, শুভ সংখ্যা ২ ।

কুম্ভঃ সম্ভাৱনীয় দিশত পোনে পোনে সফল নহ’ব । নিজৰ বুদ্ধিত কিছু কৌশল প্ৰয়োগ কৰক । দাম্পত্য সামান্য ওফোন্দ-অমিল দৃষ্ট হ’ব । সন্তানৰ ভালেই । আৰ্থিকত মধ্যম । শুভ ৰং ৰঙা, শুভ সংখ্যা ১ ।

মীনঃ কৰ্মত কোনো লোকৰ দ্বাৰা যাতে বাধা নাপায় লক্ষ্য কৰক । ঘৰুৱাত বেয়া নহ’ব । বিদ্যাত মন দিয়ক । শৰীৰৰ সামান্য বাধাৰ বাহিৰে বাকী শুভ । ভ্ৰমণ হ’ব পাৰে । শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪ ।

Exit mobile version