ফিল’বাৰী, পেঙেৰীত আছুৰ দ্বাৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ, মন্ত্ৰী অতুল বৰা আৰু ডিব্ৰুগড় জিলা আৰক্ষী অধিক্ষকৰ শ্ৰেটাংগ মিশ্ৰৰ প্ৰতিমূৰ্তি দাহ

cc1d5773 7c06 459e 9501 1b152f6f1cf8

ডিব্ৰু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনী সংঘাত লৈ এতিয়াও উত্তপ্ত হৈ আছে উজনী অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা।ডিব্ৰুগড় জিলা আছুৰ শ্বহীদ ভৱনত ডিব্ৰুগড় আৰক্ষী অধিক্ষকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীক অতি বৰ্বৰভাবে কৰা অত্যাচাৰ আৰু নিৰ্মম প্ৰহাৰ কাণ্ডৰ বিৰুদ্ধে আছুৱে ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে।

দেওবাৰে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধৰ পাছত আজি সোমবাৰে জিলা দুখনৰ প্ৰতিখন আঞ্চলিক সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আৰু মন্ত্ৰী অতুল বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

তিনিচুকীয়া জিলাৰ বিভিন্ন আঞ্চলিক সমিতি সমূহৰ সমান্তৰালকৈ পেঙেৰী-বৰডুমছা আঞ্চলিক ছাত্ৰ সন্থাই পেঙেৰী চাৰিআলিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অতুল বৰাৰ প্ৰতিমূৰ্তি দাহ কৰে আৰু ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে ফিল’বাৰী কেন্দ্ৰবিন্দু ফিল’বাৰী তিনিআলিত পথৰ ওপৰত কৃষী মন্ত্ৰী অতুল বৰা আৰু ডিব্ৰুগড় জিলা আৰক্ষী অধিক্ষক শ্ৰেটাংগ মিশ্ৰৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰি ৰখা ছাত্ৰ সন্থাৰ সদস্যক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী কৰে প্ৰতিবাদী আছু কৰ্মী সকলে।ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পৰাগ হাজৰিকাই মন্ত্ৰী অতুল বৰাক সকিয়নি প্ৰদান কৰি কয় যে,মন্ত্ৰী অতুল বৰাই নিজৰ মাতৃৰ ওপৰত হাত উঠাই আটাইতকৈ ডাঙৰ ভুল কৰা বুলি সকিয়াই দিছে।

সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰাই গৈ আজি মন্ত্ৰী হোৱা অতুল বৰাই নিজৰ মাতৃক কৰা অপমান কেতিয়াও আছুয়ে হৈৰ্য্য নকৰে বুলি সকিয়নি প্ৰদান কৰিছে।ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক ডিব্ৰুগড় জিলা আৰক্ষী প্ৰশাসনে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা বন্ধ দিয়াৰ বাবে গ্ৰেপ্তাৰ কৰাৰ জাননী প্ৰেৰণ কৰাৰ বাবেও সকিয়নি দিছে ডিব্ৰুগড় জিলা আৰক্ষী অধিক্ষকক।

সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাটো দূৰৰ কথা ডিব্ৰুগড় আৰক্ষী প্ৰশাসনে হাত লগালেই গোটেই অসম স্তব্ধ কৰাৰ হুংকাৰ প্ৰদান কৰে। সুৰজিত খাটোৱাল ।

Exit mobile version