চীনত সন্তান জন্ম দিলে অভিভাৱকে লাভ কৰিব ঋণ

New Project 2021 12 26T090231.063

চীনৰ কেবাখনাে ৰাজ্যই দম্পতীসকলক সন্তান জন্ম দিয়াৰ বাবে উৎসাহিত কৰিবলৈ বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। জিলিন প্ৰদেশত শেহতীয়াভাৱে বেংকে সন্তান জন্ম দিয়া ল দম্পতীক ঋণ প্রদানৰ আঁচনি প্ৰৱর্তন কৰিছে।

ADVERTISEMENT

উত্তৰ পূব চীনৰ এইখন প্ৰদেশত বিবাহিত দম্পতীয়ে সন্তান জন্ম দিলে দুই লাখ য়ুআন ধন বেংকৰ পৰা ঋণ হিচাপে লাভ কৰিব। চীনৰ জনসংখ্যা হ্রাস পােৱাৰ প্রতি লক্ষ্য ৰাখি দেশখনৰ কেবাখনাে ৰাজ্যই জনসংখ্যা বৃদ্ধিৰ লক্ষ্যৰে এনে আকর্ষণীয় আঁচনি গ্ৰহণ কৰিছে।

জিলিন প্রদেশত প্রশাসনে গ্রহণ কৰা নতুন আঁচনি অনুসৰি অঞ্চলটোৰ দুটা বা তিনিটা সন্তান থকা ক্ষুদ্র ব্যৱসায়ীসকলে কৰৰ ক্ষেত্ৰত বিশেষ ৰেহাই লাভ কৰিব। যােৱা সপ্তাহত জিলিন প্রদেশৰ প্ৰশাসনে এই আঁচনি ঘােষণা কৰিছিল।

উল্লেখ্য যে চীনৰ তিনি ৰাজ্য ক্রমে জিলিন, লায়’নিং আৰু হাইলংগঝিয়াংগৰ অন্যতম এক সমস্যা হৈছে এই অঞ্চলৰ জনসংখ্যা যথেষ্ট হ্রাস পাইছে।

অঞ্চলটোৰ বাসিন্দা যুৱ প্ৰজন্মই বিবাহৰ প্রতি অনীহা প্রদর্শন কৰাৰ লগতে বিবাহিতসকলে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত আগ্রহ প্রকাশ কৰাৰ পৰা বিৰত আছে।

ফলত অঞ্চলটো প্রশাসনে বিবাহিত লােকসকলক জনসংখ্যা বৃদ্ধিৰ প্ৰতি উৎসাহিত কৰিবলৈ নানা পদক্ষেপ গ্রহণ কৰিছে।

Exit mobile version