প্ৰথম মহিলা মহাপৰিদৰ্শক হিচাপে গৌৰৱান্বিত ভায়’লেট বৰুৱা

“এগৰাকী মহিলা হিচাপে আজি ম‌ই বহু গৌৰৱান্বিত। জীৱনত বহু ঘাট প্ৰতিঘাটক নেওচি আজি জীৱনত এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছো। এই কৃতিত্বৰ অধিকাৰী হৈছে ভগৱান, মোৰ সমাজ আৰু মোৰ পৰিয়াল।” এই মন্তব্য সদ্য পদোন্নতি প্ৰাপক অসমৰ প্ৰথমগৰাকী মহিলা আৰক্ষী মহাপৰিদৰ্শক ভায়’লেট বৰুৱাৰ।

বিটিআৰৰ ডিআইজি হিচাপে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত যোগদান কৰা বৰুৱাক কালি ৰাজ্যৰ গৃহ বিভাগে মহাপৰিদৰ্শক পদলৈ পদোন্নতি দিয়ে। অসমৰ প্ৰথমগৰাকী মহিলা মহাপৰিদৰ্শক হিচাপে পদোন্নতি লাভ কৰি যথেষ্ট গৌৰৱবোধ কৰে বৰুৱাই।

আজি ওদালগুৰিত আমাৰ সংবাদদাতাৰ সৈতে হোৱা সাক্ষাৎকাৰত বৰুৱাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় “এই পদোন্নতিৰ বাবে ম‌ই যথেষ্ট সুখী অনুভৱ কৰিছো। এই সফলতাৰ কৃতিত্ব ম‌ই মোৰ পৰিয়াল তথা স্বামীক দিব বিচাৰিছো।

কিয়নো যেতিয়া ম‌ই আৰক্ষীৰ প্ৰশিক্ষণ শিৱিৰলৈ ওলাইছিলো তেতিয়া মোৰ কন্যাগৰাকী আছিল ডেৰ বছৰীয়া শিশু। গতিকে তেনে শিশু অৱস্থাত ম‌ই ছোৱালীগৰাকীক এৰি আৰক্ষীলৈ যোৱাৰ ইচ্ছা নাছিল। কিন্তু মোৰ পৰিয়াল তথা মোৰ স্বামী প্ৰদীপ বৰুৱাই মোক উৎসাহিত কৰি পৰিয়ালৰ সকলো দ্বায়িত্ব লৈ মোক মোৰ কৰ্তব্য কৰি যাবলৈ অনুপ্ৰাণিত কৰিছিল।

যিহেতু মোৰ উচ্চ পদলৈ পদোন্নতি ঘটিল, গতিকে মোৰ সমাজৰ প্ৰতি দ্বায়িত্ব-কৰ্তব্য পূৰ্ৱতকৈ বৃদ্ধি পাব। বহু ঘাট প্ৰতিঘাটৰ মাজেৰে সুচাৰুৰূপে পালন কৰি অহা দ্বায়িত্বৰ বাবে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছো। বৰ্তমান অসমৰ গৃহ বিভাগে বহুতো নতুন নতুন কাৰ্যব্যৱস্থা হাতত লৈছে।

আৰক্ষীসকলকো বিভিন্ন ক্ষেত্ৰত উৎসাহিত কৰিছে আমাৰ আৰক্ষী বিভাগটোৱে। আগন্তুক দিনত সদায় সমাজৰ বাবে দ্বায়িত্ব পালন কৰি আগবাঢ়ি যাম। পূৰ্ৱৰ তুলনাত বৰ্তমান অসম আৰক্ষীত মহিলা বিষয়া-জোৱানৰ সংখ্যা বৃদ্ধি পাইছে।

পূৰ্ৱে আৰক্ষীত মহিলাৰ সংখ্যা তেনেই কম আছিল কিন্তু এতিয়া সময়ৰ পৰিৱৰ্তনৰ লগে লগে যুৱতী-মহিলাসকলে অসম আৰক্ষীত যোগদান কৰিবলৈ ওলাই আহিছে। আনকি পুৰুষসকলৰ সমানে সমানে আজি মহিলাসকলেও আৰক্ষীত কাম কৰি আছে।

তথাপিও দেশৰ আন ৰাজ্য তুলনাত অসমত মহিলা আৰক্ষী বিষয়া আৰু জোৱানৰ সংখ্যা তুলনামূলকভাৱে কম। আশা কৰো আগন্তুক দিনত অধিক যুৱতী-মহিলাই অসম আৰক্ষীত যোগদান কৰি সেৱা প্ৰদানৰ বাবে ওলাই আহিব।”

ইফালে জীৱনৰ ঘাট প্ৰতিঘাটৰ বিষয়ে উল্লেখ কৰি বৰুৱাই কয় যে “জীৱনত সকলো কৰ্মক্ষেত্ৰত বাধা থাকিব‌ই। বাধা নেওচি আগুৱাই গৈ নিজৰ লক্ষত উপনীত হ’লেহে সফলতা অৰ্জন কৰিব পাৰি। ম‌ই এটা সময়ত বিভিন্ন হতাশাত ভুগি চাকৰি বাদ দিবলৈ বিচাৰিছিলো। কিন্তু সমাজৰ সহযোগিতাত ম‌ই পুনৰ উৎসাহিত হৈ কাম কৰিবলৈ আগ্ৰহী হৈছিলো।

আনকি মোৰ সন্তানেও মোক কাম কৰিবলৈ উৎসাহিত কৰি গৈছিল। যাৰ বাবে ম‌ই দুগুন উৎসাহেৰে কাম কৰি গৈ আজি এই সফলতা লাভ কৰিছো।” বৰুৱাই ২০০৪-০৬ চনৰ ভিতৰত তেখেতৰ জীৱনৰ এক উল্লেখযোগ্য স্মৰণীয় ঘটনাৰ কথা সাংবাদিকৰ আগত উল্লেখ কৰে।

তেওঁ কয় “সেই সময়ত ম‌ই গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষকৰ দ্বায়িত্বত আছিলো। এগৰাকী দুধৰ্ষ উগ্ৰপন্থীয়ে গুলীচালনা কৰি জিলাখনৰ ঘন জংঘলত লুকাই আছিল। লগে লগে ঘন জংঘলত আৰক্ষীৰ লগতে সেনাসহ নিৰাপত্তাৰক্ষীয়ে যোৰদাৰ অভিযান চলাই ব্যৰ্থ হৈ উভটিছিল।

কিন্তু তাৰ পাছত আৰক্ষী অধীক্ষক হিচাপে এটি আৰক্ষী বাহিনীক লগত লৈ ম‌ই অস্ত্ৰসহ উগ্ৰপন্থীক বিচাৰি নামি পৰিছিলো ঘন অৰণ্যখনত। কিন্তু অতি আশ্চৰ্যজনকভাৱে কিছুসময় পাছত অৰণ্যখনত লুকাই থকা দুধৰ্ষ উগ্ৰপন্থীটোৱে ওলাই আহি গ্ৰেণেড তথা আন অস্ত্ৰসহ মোৰ সন্মুখত আত্মসমৰ্পন কৰিলে।”

ইয়াৰ প্ৰকৃত কাৰণ এতিয়াও কব নোৱাৰি যদিও এগৰাকী মহিলা বিষয়াৰ সন্মুখত মাতৃসুলভ মৰমৰ বাবে উগপন্থীগৰাকীয়ে আত্মসমৰ্পন কৰিবলৈ বাধ্য হৈছিল বুলি তেখেতক উগ্ৰপন্থীগৰাকীয়ে উল্লেখ কৰে। সমান্তৰালভাৱে আগন্তুক দিনবোৰত চৰকাৰখনে দূৰ্ঘটনা তথা মৃত্যুৰ হাৰ কমোৱাৰ স্বাৰ্থত যিসমূহ নিৰ্দেশনা দিছে, সকলোবোৰ পালন কৰিবলৈ তেখেতে ৰাইজক আহ্বান জনায়।

Exit mobile version