Blast in Ludhiana Court : জার্মানীত গ্রেপ্তাৰ লুধিয়ানা আদালতত বিস্ফোৰণত জড়িত সন্ত্ৰাসবাদী জছবিন্দৰ সিং মুলতানি

1640669338 28ludhiyana

আত্মগোপন হৈ থকা খালিস্তানি সন্ত্ৰাসবাদী জছবিন্দৰ সিং মুলতানিক জার্মানীৰ পৰা গ্রেপ্তাৰ কৰিলে সেই দেশৰ আৰক্ষীয়ে । তেওঁ লুধিয়ানা আদালতত বিস্ফোৰণ গোচৰৰ অন্যতম অভিযুক্ত । নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন শিখ ফৰ জাষ্টিছৰ স’তে তেওঁ জড়িত হৈ আছে বুলি পঞ্জাৱ আৰক্ষী সূত্রে খবৰ ।

২৩ ডিচেম্বৰত লুধিয়ানা আদালতৰ চৌহদত বিস্ফোৰণৰ ফলত এজনৰ ঘটনাস্থলীতে মৃত্যু হয় । পাঁচজন গুৰুতৰভাৱে আহত হয় । এই ঘটনাত খালিস্তানি সন্ত্ৰাসবাদী সংগঠন জড়িত হৈ আছে বুলিও অভিযোগ উত্থাপিত হৈছে । পঞ্জাৱ আৰক্ষীৰ নিলম্বন হোৱা এজন কনিষ্টবল গগনদীপ সিঙো এই বিস্ফোৰণৰ স’তে জড়িত বুলি প্রাথমিক তদন্তত জানিব পৰা গৈছে । বিস্ফোৰণত গগনদীপ নিহত হয় । তদন্তত উত্থাপিত হৈছে জার্মানীত আত্মগোপনকাৰী সন্ত্ৰাসবাদী জছবিন্দৰ সিং মুলতানিৰ নাম ।

চোৰাংচোৱা সূত্রে জানিব পৰা গৈছে, ধৃত মুলতানিয়ে দিল্লী আৰু মুম্বাইত বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল । ভাৰতত জংঘী কার্যকলাপ চলাবৰ বাবে তেওঁ পাকিস্তানৰ পৰা বিস্ফোৰক পঠাইছিল । ৪৫ বছৰ বয়সৰ জছবিন্দৰ শিখ ফৰ জাষ্টিছৰ প্রতিষ্ঠাতা গুৰুপন্ত সিং পান্নুৰ ঘনিষ্ঠ । তেওঁৰ বিৰুদ্ধে ফিৰোজপুৰ, অমৃতসৰ আৰু তৰনয় জিলাত অভিযোগ দাখিল কৰা হৈছে ।

সিংঘু সীমান্তত কৃষক নেতা বলবীৰ সিং ৰাজেৱালক হত্যাৰ ষড়যন্ত্রৰ স’তেও মুলতানি জড়িত বুলি অভিযোগ উত্থাপিত হৈছে । ৰাজেৱালক হত্যাৰ বাবে জীৱন সিং নামে এজন লোকক তেওঁ মধ্যপ্রদেশৰ পৰা অস্ত্র সংগ্রহত সহায় কৰিছিল । কিন্তু অস্ত্র তেওঁৰ হাতত দিয়াৰ আগতেই আৰক্ষীয়ে তেওঁক গ্রেপ্তাৰ কৰে ।

২০১৯ৰ ১০ জুলাইত শিখ ফৰ জাষ্টিছ সংগঠনক ইউপিএ আইনৰ অধীনত নিষিদ্ধ ঘোষণা কৰে ভাৰত চৰকাৰে । চোৰাংচোৱা সূত্রে খবৰ, সংগঠনটোৰ হোৱাটছ‌এপ্ গ্রুপত আইএছআই এজেন্টসকল আছে । ভাৰত-বিৰোধী সন্ত্ৰাসবাদী কার্যকলাপ চলাবৰ বাবে আর্থিক সাহায্য দিয়াৰ লগতে বিস্ফোৰক সৰবৰাহ কৰাও আৰম্ভ কৰে সংগঠনটোৱে । এই কাৰ্য পৰিচালনা কৰিছিল মুলতানিয়ে । কূটাঘাতমূলক কাৰ্যত সহায় কৰাৰ লগতে সামাজিক মাধ্যমত ভাৰত বিৰোধী প্রচাৰো কৰিছিল তেওঁলোকে ।

Exit mobile version