আঠিয়া কলৰ চমৎকাৰী উপকাৰিতা

bananas thumb m

★পকা আঠিয়া কল কাটি পানীত তিনি চাৰি ঘন্টা তিয়াই থৈ এই কল পিতিকি পানীখিনি চেকি খালে দেহ শীতল হয় , প্ৰস্ৰাৱ খোলোচা হয় ।

★পুৰনি বা নতুনকৈ হোৱা গ্ৰহণী ৰোগীৰ বাবে আঠিয়া কল যথেস্থ উপকাৰী ।

★ শীতকালত বিশেষকৈ পুহমাহত দৈনিক একোটাকৈ আঠিয়া কল খালে দেহৰ শ্ৰীবৃদ্ধি হয় ।

★ শিশুৰ ছয় মাহ বা মাতৃদুগ্ধ এৰাৰ পাছত বজাৰৰ বিভিন্ন শিশু খাদ্যৰ সলনি পকা আঠিয়া কলৰ গুটি আতৰাই পিঠাগুৰি বা আন খাদ্যত মিহলাই কম মাত্ৰাত নিয়মিত খুৱালে শিশু হৃষ্টপুষ্ট হয় / পয়ালগা বা দুৰ্বল শিশুৰ বাবে উপকাৰেী । গৰম দিনত ঘামচি ,পেটৰ অসুখ আৰু নানাবিধ ৰোগৰ পৰা সুৰক্ষিত থাকে ।

★ চৰ্দি জ্বৰ কাহ আদি ৰোগত শুকান আঠিয়াকলৰ বাকলি পুৰি লগে লগে পানীত জুবুৰিয়াই কৰা খাৰত সৰিয়হ তেল আৰু নিমখ মিহলাই চেকি ভাতৰ লগত খালে জুতি লগাৰ উপৰি ৰোগ উপসম হয়।

★গাথি বিষ বা গাৰ বিষত কলাখাৰত মিঠাতেল মিহলাই মালিচ কৰিলে বিষ কমে ।

Exit mobile version