এক কোটি ভোট পালে ৰাজ্যত সুৰাৰ মূল্য হ্ৰাস কৰিব বিজেপিয়ে

AP BJP

আগন্তুক ২০২৪ত অন্ধ্ৰ প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) দলৰ ৰাজ্যিক সভাপতি সোমু বীৰৰাজুৱে প্ৰতিশ্ৰুতি দিছে যে যদি দলে এক কোটি ভোট পায় তেন্তে ৰাজ্যখনত সুৰাৰ মূল্য হ্ৰাস কৰিব ।

“ভাৰতীয় জনতা পাৰ্টিক এক কোটি ভোট দিয়ক আৰু আমি মাত্ৰ ৭০ টকাত সুৰা প্ৰদান কৰিম । যদি আমাৰ ৰাজহ অধিক হয়, তেন্তে মাত্ৰ ৫০ টকাত সুৰা প্ৰদান কৰিম,” মঙলবাৰে বিজয়ৱাড়াত এক ৰেলীক সম্বোধন কৰি বীৰৰাজুৱে কয় ।

বিজেপিয়ে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত জগন মোহন ৰেড্ডীৰ নেতৃত্বৰ ৱাইএছআৰ কংগ্ৰেছ পাৰ্টী (ৱাইএছআৰচিপি) চৰকাৰক উৎখাত কৰাৰ লক্ষ্য লৈছে । বিজয়ৱাড়াত “প্ৰজা অগ্ৰহ সভা”ৰ আয়োজন কৰে অন্ধ্ৰ প্ৰদেশ বিজেপিয়ে ।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা প্ৰকাশ জাভড়েকাৰে ৰাজ্যখনৰ জনসাধাৰনক ২০২৪ চনত মুখ্যমন্ত্ৰী ৱাইএছ জগন মোহন ৰেড্ডী‌ নেতৃত্বাধীন অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ দুৰ্নীতিপূৰ্ণ আৰু ধ্বংসাত্মক শাসনৰ অৱসান ঘটাবলৈ আহ্বান জনায় ।

Exit mobile version