আজিও অবহেলিত কোচৰাজবংশী জনগোষ্ঠীয় অনাতাঁৰ শিল্পী লক্ষ্মী দেবী

কোকৰাঝাৰ জিলাৰ পুঠিয়াগাওঁৰ জীয়ৰী তথা বৰ্তমান কুৰ্ষামাৰী গাওঁৰ বাসিন্দা লক্ষ্মী দেবী আজিও অৱহেলিত ।

নব্বৈৰ দশকৰ পৰা যিগৰাকী সংগীত শিল্পীয়ে অসমৰ বিভিন্ন মঞ্চত গীত পৰিবেশন কৰি সন্মান বুটলিবলৈ সক্ষম হৈছে সেইগৰাকী শিল্পী আজি ভোগীছে আৰ্থিক সংকটত ।

অনাতাৰ শিল্পী লক্ষ্মী দেবীয়ে অসমৰ লগতে পশ্চিম বংগ , নেপাল , আদিতো গান গাই বহুতো শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে যদিও আৰ্থিক অভাবে বৰ্তমান জৰুলা কৰিছে সংগীত চৰ্চাত ।

সেইবাবে অলপ সুদৃষ্টি দিবলৈ বিটিআৰ চৰকাৰৰ লগতে অসম চৰকাৰক আহ্বান জনাইছে শিল্পীগৰাকীয়ে ।

Exit mobile version