জানেনে আহত গছ আৰু পাতৰ এইসমূহ উপকাৰ

pipal treee1

সঘনাই হোৱা জ্বৰ

জ্বৰ হোৱাৰ পাছত কিছুদিন ভাল পায় আকৌ জ্বৰ উঠিলে। আঁহতৰ কুমলীয়া ডাল্ দাঁতোন হিচাপে লৈ ভালকৈ এটা মূৰ চোবাব লাগে আৰু ইয়াৰ পৰা ওলোৱা ৰসখিনি পেলাই নিদি গিলি দিব লাগে । এইদৰে কেইদিনমান কৰিলে জ্বৰ ভাল হৈ যায়।

দাঁতৰ বিষ

দাঁতৰ বিষৰ ফলত কেতিয়াবা চকুও বিষায়। মূৰলৈকে বিষ হয়। দাঁত বিষালে আঁহতৰ ফল বা গুটিৰ লগত জালুক সমপৰিমাণত পিহি লৈ সৰু সৰু বড়ি বনাই দাঁতৰ কাষত ৰাখি লাহে লাহে চুহি খাব। ফলত দাঁতৰ বিষ লাহে লাহে কমি যাব।

দাঁতৰ অসুখ

দাঁত দেহৰ গুৰুত্বপূৰ্ণ অংগ। সময়ৰ আগতে দাঁত সৰি গ’লে বা নষ্ট হ’লে খোৱা-বোৱাত অসুবিধা হোৱাৰ লগতে আন শাৰীৰিক সমস্যায়ো দেখা দিয়ে। ইয়াৰ উপৰিও দাঁতৰ অন্য সমস্যাই দেখা দিলে আঁহত আৰু বট গছৰ চাল সমপৰিমাণত লৈ পানীত সিজাই পানীৰে পুৱা আৰু সন্ধিয়া কুলকুলি কৰিব। নিয়মীতভাৱে এইদৰে কুলকুলি কৰিলে দাঁত সুস্থ আৰু সবল হৈ থাকে।

উল্লেখ্য যে দাঁত পোকে খালে নিয়মিতৰুপে আঁহতৰ ডালেৰে দাঁত ঘহিলে ইয়াৰ পৰা উপশম পাব ।

Exit mobile version