সাহিত্য অকাডেমীৰ সাতটাকৈ বঁটা অসমলৈ

rptgtpxd 1396254731

নাহৰৰ নিৰিবিলি ছাঁ, হৃদয় এক বিজ্ঞাপন আদি ভিন্নধৰ্মী পটভূমিৰে উপন্যাস লিখি কুৰি শতিকাৰ আৰম্ভনীতে যুৱসমাজৰ মাজত জনপ্ৰিয় হোৱা লেখিকা ও সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে ইয়াত এখন অৰণ্য আছিল উপন্যাসৰ বাবে অসমীয়া ভাষাত ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিছে ।

বড়ো ভাষাত সাহিত্যিক আৰু একালৰ বিধায়ক ড° দেৱকান্ত ৰামছিয়াৰীয়ে মৌদায় গাহায় ছদ্মনামত লিখা ‘খৰ সায়াব আৰৌ হিমালয়’ কবিতাপুথিৰ বাবে ২০২১ ৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিছে ।

নেপালী ভাষাত লিখা উষা অনিৰুদ্ধ মহাকাব্যৰ বাবে চৱীলাল উপাধ্যায়ে লাভ কৰিছে ২০২১ ৰ সাহিত্য অকাডেমী বঁটা ।

আনহাতে, ২০২০ বৰ্ষত অসমীয়া ভাষাত ডেউকা কোবাই যায় গল্পপুথিৰ বাবে মুনিন বৰকটকী বঁটা প্ৰাপক গোলাঘাটৰ অভিজিৎ বৰাই চলিত বছৰত পুনৰ সেই একেখন পুথিৰ বাবেই সাহিত্য অকাডেমীৰ যুৱ বঁটা লাভ কৰিছে । যুৱ লেখকজনৰ প্ৰথমখন গল্প সংকলনেই একেৰাহে লাভ কৰা দুটিকৈ বঁটা প্ৰাপ্তিত জন্মভূমি গোলাঘাটবাসীয়ে আজি আনন্দোৎসৱ পালন কৰিছে ।

আনহাতে বড়ো ভাষাত গৌতম দৈমাৰীয়ে জিউ গৌনাংচহ কবিতা পুঠিৰ বাবে সাহিত্য অকাডেমীৰ যুৱ বঁটা লাভ কৰিছে ।

এইখিনিতে উল্লেখনীয় যে গৌতম দৈমাৰী আৰু অভিজিৎ বৰা দুয়োজনৰে দুয়োখন বঁটাপ্ৰাপ্ত গ্ৰন্থৰ প্ৰকাশক পূৰ্বায়ন প্ৰকাশনৰ স্বত্বাধিকাৰী ড° অমৃৎ কুমাৰ উপাধ্যায়ো গৌৰৱৰ পাত্ৰ ।

অসমীয়া ভাষাত বকুল ফুলৰ বাবে শিশু উপন্যাসৰ বাবে শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছে মৃনাল চন্দ্ৰ কলিতাই ।

বড়ো ভাষাত দিক্ষুৰা চল বাথা সাধুকথাৰ বাবে ৰত্নেশ্বৰ নাৰ্জাৰীয়েও লাভ কৰিছে সাহিত্য অকাডেমী ।

Exit mobile version