Nora Fatehi : কৰ’নাৰ আতংক বলিউডত, আক্রান্ত নোৰা ফতেহি

nora fatehi 1633441516263 1633441524405

কৰ’না আক্রান্ত নোৰা ফতেহি । সকলো ধৰণৰ সাৱধানতা আৰু ক’ভিড বিধি মানি সম্প্ৰতি‌ তেওঁ নিভৃতবাসত আছে ।

নোৰাৰ তৰফৰ পৰা তেওঁৰ মুখপাত্র‌ই এটা বিবৃতি জাৰি কৰিছে । বিবৃতিত কোৱা হৈছে, ‘২৮ ডিচেম্বৰত নোৰাৰ ক’ভিড পৰীক্ষাৰ ৰিপ’র্ট পজিটিভ আহে । তেতিয়াৰ পৰাই ক’ভিড বিধি মানি আৰু চিকিৎসকসকলৰ তত্ত্বাৱধানত নোৰাই নিভৃতবাসত আছে । নিয়ম আৰু সাৱধানতা মানি বৃহন্মুম্বাই মিউনিচিপাল কর্প’ৰেচন (বিএমচি)-কো তেওঁ সহায় কৰে ।’

সম্প্রতি নোৰাৰ এটা অনুষ্ঠানত যোৱা কিছুমান ছবি ভাইৰেল হৈছে সামাজিক মাধ্যমত । সেই ছবিবোৰ যে পুৰণি, সেই কথাও স্পষ্টভাৱে জনাই দিয়া হৈছে বিবৃতিটোত । জনোৱা হৈছে, বিগত কিছুদিনত সম্পূর্ণ ঘৰতেই আছিল অভিনেত্রীগৰাকী ।

নোৰাই অনুৰাগীসকলক ক’ভিড আক্রান্ত হোৱাৰ কথা জনাইছে । ইনষ্টাগ্রামত তেওঁ লিখিছে, ‘দুর্ভাগ্যৱশত ম‌ই ক’ভিডৰ বিৰুদ্ধে যুঁজি আছো । কিছুদিন ধৰি শয্যাশায়ী হৈ আছিলো । সম্প্ৰতি চিকিৎসকৰ তত্ত্বাৱধানত আছো । সকলোৱে দয়া কৰি সাৱধানে থাকক । মাস্ক পৰিধান কৰক । যিকোনো মানুহৰেই এই ৰোগ হ’ব পাৰে । ম‌ই সুস্থ হোৱাৰ চেষ্টা কৰিছো । নিজৰ স্বাস্থ্যক আটাইতকৈ বেছি গুৰুত্ব দিয়া উচিত । সকলোৱে লক্ষ্য ৰাখক, কুশলে থাকক ।’

বুধবাৰে অর্জুন কাপুৰ, খুচি কাপুৰ আৰু অংশুলা কাপুৰৰ ক’ভিড আক্রান্ত হোৱাৰ খবৰ প্রকাশ্যত আহিছে । তাৰ কিছুদিন আগতেই আক্রান্ত হৈছিল কৰিনা কাপুৰ খান আৰু অমৃতা অৰোৰা । বলিউডত পুনৰ কৰ’নাৰ আতংক বৃদ্ধি পাইছে । এইবাৰ তালিকাত নাম অন্তৰ্ভুক্ত হ’ল নোৰাৰ ।

Exit mobile version