UP assembly Election 2022 : ক’ভিডবিধি মানি নির্ধাৰিত সময়ত নিৰ্বাচন উত্তৰ প্রদেশত, সন্মতি সকলো দলৰ, জনালে নির্বাচন কমিছনে

sushil chandra 16408467343x2 1

নিৰ্বাচন বাতিল নহয় উত্তৰ প্রদেশত । নির্ধাৰিত সময়তেই অনুষ্ঠিত হ’ব বুলি বৃহস্পতিবাৰে সাংবাদিক বৈঠকত জনালে মুখ্য নির্বাচন কমিছনাৰ সুশীল চন্দ্র‌ই । তেওঁ কয়, “সকলো দলৰ প্রতিনিধিসকলৰ স’তে আমি কথা পাতিছো । তেওঁলোকে আমাক জনাইছে ক’ভিডবিধি মানি নির্ধাৰিত সময়তেই নিৰ্বাচন অনুষ্ঠিত হ‌ওক ।”

মুখ্য নির্বাচন কমিছনাৰে জনাইছে, ৮০ বছৰৰ ঊর্ধ্বত, শাৰীৰিভাৱে অক্ষম আৰু ক’ভিডত আক্রান্ত লোকে ঘৰৰ পৰাই ভোট দিব পাৰিব । তেওঁ আৰু জনায় যে, প্রতিটো বুথত ভিভিপেটৰ ব্যৱস্থা থাকিব । নির্বাচনৰ স্বচ্ছতা বজায় ৰাখিবলৈ এক লাখ বুথত প্ৰত্যক্ষ সম্প্রচাৰৰ ব্যৱস্থা কৰা হ’ব ।

বৈঠকত নিৰ্বাচনী প্রচাৰক লৈও প্রশ্ন উত্থাপন হয় । ক’ভিডবিধি ভাঙি যাতে কোনো ধৰণৰ প্রচাৰ বা সভা নহয় সেই দিশতো দৃষ্টি ৰখাৰ বাবে কমিছনক আবেদন জনাইছে ৰাজনৈতিক দলবোৰে । মুখ্য নির্বাচন কমিছনাৰে কয়, “সকলো দলৰ কথা আমি শুনিছো । তেওঁলোকে যিবোৰ বিষয় দাঙি ধৰিছে, সেইবোৰক লৈও চিন্তা-চৰ্চা চলিছে । কোনো ভোটাৰে যাতে ভোট দানৰ পৰা বিৰত নাথাকে সেই দিশতো আমি দৃষ্টি ৰাখিছো ।”

অহা পাঁচ জানুৱাৰীৰ ভিতৰত ভোটাৰসকলৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ’ব বুলিও জনাইছে মুখ্য নির্বাচন কমিছনাৰে । লগতে এইবাৰ ভোট দিয়াৰ সময়ো এঘণ্টা বঢ়াই দিয়া হৈছে বুলি তেওঁ ‌জনাইছে । পুৱা আঠ বজাৰ পৰা ভোটদান আৰম্ভ হ’ব আৰু সন্ধিয়া ছয় বজা পর্যন্ত অব্যাহত থাকিব ।

আগন্তুক বৰ্ষত উত্তৰ প্রদেশত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব । দেশত পুনৰ ক’ভিড সংক্রমণ বৃদ্ধি হোৱাত এনে পৰিস্থিতিত ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰা উচিত হয় নে নহয় তাক লৈ প্রশ্ন উত্থাপন হ’বলৈ লয় । কিন্তু নিৰ্বাচন স্থগিত কৰাৰ ক্ষেত্ৰত কোনো দলেই প্ৰস্তুত নাছিল । বিষয়টো নিৰ্ধাৰণ কৰিবলৈ সর্বদলীয় বৈঠক আয়োজন কৰে নির্বাচন কমিছনে । সেই বৈঠকতেই সকলো দলে নির্ধাৰিত সময়ত নিৰ্বাচন অনুষ্ঠিত কৰাত সন্মতি জনায় ।

উত্তৰ প্রদেশৰ নিৰ্বাচনক লৈও উত্তেজনাৰ সৃষ্টি হৈছে । এই ৰাজ্যৰ নিৰ্বাচনতে দৃষ্টি ৰাখিছে সমগ্ৰ দেশে । যোগী চৰকাৰ থাকিব, নে ক্ষমতাৰ পৰিৱর্তন হ’ব তাক লৈও জোৰ চর্চা চলিছে । বিশেষকৈ ক’ভিড পৰিস্থিতিক লৈ যোগী আদিত্যনাথ চৰকাৰৰ ভূমিকা প্রবল সমালোচনাৰ সন্মুখীন হৈছে । ইয়াৰ উপৰি লখিমপুৰ খেৰিৰ ঘটনাসহ একাধিক বিষয় লৈও বিৰোধীসকলে উত্তৰ প্রদেশ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে । তেনে পৰিস্থিতিতে চৰকাৰ পৰিৱৰ্তন হ’ব নে নহ’ব, যিমানে নিৰ্বাচন কাষ চাপি আহিছে সিমানে ৰাজনৈতিক উত্তাপ বৃদ্ধি পাইছে ।

Exit mobile version