অসম আন্দোলনৰ নেতা, অধিবক্তা পদ্মনীল শৰ্মাৰ বিয়োগত ভৱানীপুৰত শোকৰ ছাঁ

168248ae 4d38 43d7 9e31 04309a3849eb

অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ ছাত্ৰ নেতা, জ্যেষ্ঠ অধিবক্তা ভৱানীপুৰত জন্ম গ্ৰহণ কৰা পদ্মনীল শৰ্মা ( ৬৮ )ৰ আজি পুৱতি নিশা প্ৰায় চাৰি বজাত পটাছাৰকুছিস্থিত বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে।

ভৱানীপুৰত জন্ম গ্ৰহণ কৰা পদ্মনীল শৰ্মাই অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে ভৱানীপুৰত আত্মবলিদান দিয়াৰ দিনাখনৰ সময়ছোৱাত স্বদেশ – স্বজাতিৰ বাবে আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ আক্ৰমনত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ” অৰ্ধশ্বহীদ ” নামেৰে খ্যাত হৈছিল।

বৰপেটা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক,সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য পদত অধিষ্ঠিত হৈ অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনতটোত বিশেষ অৱদান আগবঢ়াইছিল পদ্মনীল শৰ্মাই।

তদুপৰি তেওঁ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সদস্য পদতো অধিষ্ঠিত হৈছিল। ভৱানীপুৰত জন্ম গ্ৰহণ কৰা শৰ্মাই সম্প্ৰতি পাটাছাৰকুছিত স্থায়ীভাৱে বসবাস কৰিছিল।

এগৰাকী কৃতী অধিবক্তা পদ্মনীল শৰ্মা মৃত্যুৰ সময়লৈকে বজালী আদালতৰ ন’টাৰী পাব্লিক, বজালী অধিবক্তা সন্থাৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। বৃহত্তৰ ভৱানীপুৰ অঞ্চলৰ সামাজিক ক্ষেত্ৰখনত বহু অৱদান আগবঢ়োৱা শৰ্মা এগৰাকী সমাজকৰ্মীৰূপে পৰিচিত আছিল।

প্ৰয়াত শৰ্মাৰ মৃত্যুত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গ লৈ সমবেদনা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত পত্নী, এগৰাকী পুত্ৰ সন্তানৰ লগতে অগণন গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যোৱা পদ্মনীল শৰ্মাৰ মৃত্যুত বৃহত্তৰ ভৱানীপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

Exit mobile version