ক্ৰিপ্টোকাৰেন্সী হ’ব পাৰে নতুন বছৰৰ শ্ৰেষ্ঠ উপহাৰ

5 Best Tips to Boost Your Cryptocurrency Investment in 2022

ক্ৰিপ্টোকাৰেন্সী এতিয়া সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিছে । গতিকে ক্ৰিপ্টোকাৰেন্সীক উপহাৰ হিচাপে দিয়াটোও এতিয়া একপ্ৰকাৰৰ ট্ৰেণ্ড হৈ পৰিছে । এইবাৰ নতুন বছৰৰ উপহাৰ হিচাপে আপুনিও নিজৰ আপোনজনক বা আত্মীয়ক ক্ৰিপ্টোকাৰেন্সী কৰৰ আওতাত নপৰাকৈ উপহাৰ হিচাপে দিব পাৰি বা কোনখন প্লেটফৰ্মৰ দ্বাৰা বিনিময় কৰিলে মাচুল কম হ’ব ইত্যাদি বিষয়বোৰ আগতীয়াকৈ জনাটো জৰুৰী ।

বজাৰৰ অস্থিৰতা

ক্ৰীপ্টোকাৰেন্সী হৈছে একপ্ৰকাৰৰ ‘হাই ৰিস্ক, হাই ৰিৱাৰ্ড’ অৰ্থাৎ উচ্চ বিপদশংকা আৰু উচ্চ পুৰস্কাৰযুক্ত বিনিয়োগ । কিন্তু বিশেষজ্ঞসকলৰ অনুমান মতে, ২০২২ত ‘বিগ ভ্যেলু গ্ৰোথ’ বা বৃহৎ লাভৰ সম্ভাৱনা থকা বিনিয়োগ হ’ব পাৰে এই ক্ৰিপ্টোকাৰেন্সী । ২০২১ৰ আৰম্ভণিতে বিটক‌ইনৰ মূল্য আছিল ৩০,০০০ মাৰ্কিন ডলাৰ । বিপৰীতে যোৱা নৱেম্বৰত এই মূল্য আহি ৬৮,০০০ত উপনীত হৈছিল । সেয়েহে নতুন বছৰৰ উপহাৰ হিচাপে ক্ৰিপ্টোকাৰেন্সী যথেষ্ট লাভজনক হ’ব পাৰে ।

কৰৰ প্ৰভাৱ

উপহাৰ হিচাপে ১৫,০০০ মাৰ্কিন ডলাৰ বা তাতোকৈ কম ক্ৰিপ্টোকাৰেন্সী প্ৰদান কৰিলে কোনো কৰ ভৰিব নালাগে । কিন্তু উপহাৰৰ মূল্য ১৫,০০০ মাৰ্কিন ডলাৰৰ পৰা ৩০,০০০ মাৰ্কিন ডলাৰৰ ভিতৰত হ’লে ই কৰৰ অধীনলৈ আহিব । এই ক্ষেত্ৰত, ক্ৰিপ্টোকাৰেন্সী উপহাৰ দিয়া ব্যক্তিজনে কৰ পৰিশোধ কৰিব লাগিব । গতিকে ১৫,০০০ মাৰ্কিন ডলাৰতকৈ কম মূল্যৰ ক্ৰিপ্টোকাৰেন্সী উপহাৰ দিয়াটোৱেই শ্ৰেয় ।

ক্ৰয় প্ৰক্ৰিয়া

যদি কোনোবাই ভাবে যে তেওঁ উপহাৰ হিচাপে ক্ৰিপ্টোকাৰেন্সী, তেন্তে প্ৰথমেই সিদ্ধান্ত ল’ব লাগিব যে তেওঁ উপহাৰ হিচাপে কেনে ধৰণৰ ক্ৰিপ্টোকাৰেন্সী উপলব্ধ । উপহাৰ কাৰ্ডৰ জৰিয়তেও ক্ৰিপ্টোকাৰেন্সী উপহাৰ হিচাপে দিব পাৰি । লগতে ক্ৰিপ্টোকাৰেন্সী ক্ৰিপ্টো ৱালেটৰ দ্বাৰা এক্সচেঞ্জৰ জৰিয়তেও আগবঢ়াব পাৰি । কেৱল ইয়াৰ বাবে উপহাৰ দিব খোজা ব্যক্তিজনৰ ক্ৰিপ্টো ৱালেট বা এক্সচেঞ্জ একাউণ্ট থকাটো বাঞ্ছনীয় ।

লেনদেনৰ ব্যয়

ক্ৰিপ্টোকাৰেন্সী লেনদেনৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ মাচুল ভৰিব লাগে । মাচুলৰ পৰিমাণ নিৰ্ভৰ কৰে কোনবিধ ক্ৰিপ্টো মুদ্ৰাৰ ব্যৱসায় কৰা হৈছে তাৰ ওপৰত । বৰ্তমানে জনপ্ৰিয়তাৰ শীৰ্ষত থকা ‘ক‌ইনবেচ’ নামৰ ক্ৰিপ্টো বিনিময় মঞ্চ‌ই সাধাৰণতে এটা ৱালেটৰ পৰা আন এটা ৱালেটলৈ ক্ৰিপ্টোকাৰেন্সী স্থানান্তৰ কৰাৰ বাবে কোনো মাচুল নলয় । কিন্তু যদি ক্ৰিপ্টোকাৰেন্সী উপহাৰ দিয়া ব্যক্তিজনে উপহাৰটো ক‌ইনবেচ প্লেটফৰ্মৰ জৰিয়তে বিক্ৰী কৰে আৰু ইয়াক আন ঠাইলৈ স্থানান্তৰ কৰে, তেন্তে তেওঁ এক নিৰ্দিষ্ট ‌পৰিমাণৰ মাচুল পৰিশোধ কৰিব লাগে । এনে ক্ৰিপ্টোকাৰেন্সী লেনদেনৰ ব্যয় বহুত বেছি ।

ক্ৰিপ্টোকাৰেন্সী সম্পৰ্কে ধাৰণা

যদিও ক্ৰিপ্টোকাৰেন্সী বৰ্তমানে বহুলভাৱে জনপ্ৰিয়, আনক দিয়াৰ আগতে, আপুনি জানিব লাগিব যে তেওঁ ক্ৰিপ্টোকাৰেন্সীৰ বিষয়ে কিমান জানে । যদি উপহাৰ হিচাপে ক্ৰিপ্টোকাৰেন্সী গ্ৰহণ কৰা ব্যক্তিজনে ইয়াক আগতে কেতিয়াও ব্যৱহাৰ কৰা নাই আৰু ক্ৰিপ্টোকাৰেন্সীৰ বিষয়ে কোনো ধাৰণা নাই, এনে উপহাৰে সমস্যাৰহে উদ্ভৱ কৰিব পাৰে ।

Exit mobile version