উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উনে দীর্ঘদিন বিৰতিৰ পাছত বছৰৰ অন্তিম সপ্তাহত পুনৰ ৰাজহুৱা আত্মপ্রকাশ কৰিলে।
এইবাৰ কীমৰ নতুন চেহেৰা প্রত্যক্ষ কৰি সকলােৱে অবাক হৈছে। ৩৭ বছৰীয়া কীম পূর্বৰ তুলনাত শাৰীৰিকভাৱে যথেষ্ট সক্রিয় আৰু সতেজ প্রত্যক্ষ হৈছে।
দীর্ঘদিন ধৰি উত্তৰ কোৰিয়াৰ শাসকে ৰাজহুৱাভাৱে আত্মপ্রকাশ কৰাৰ পৰা বিৰত আছিল।
দীঘলীয়া অজ্ঞাতবাসৰ পাছত যােৱা সপ্তাহত কীমে ৱৰ্কাৰ্ছ পার্টি অৱ কোৰিয়াৰ কেন্দ্ৰীয় সমিতিৰ বৈঠকত অংশ লৈছিল। উল্লেখ্য যে সম্প্রতি উত্তৰ কোৰিয়াৰ শাসকীয় দল হৈছে ৱৰ্কাৰ্ছ পার্টি অৱ কোৰিয়া।
দলীয় বৈঠকত অংশ লৈ কীমে দীঘলীয়া ভাষণ দিছিল। ব্রিটেইনৰ সংবাদ মাধ্যমত প্রকাশিত প্রতিবেদন উল্লেখ কৰা অনুসৰি, অত্যধিক মেদবহুলতাত ভােগা কীমে বিগত সময়ছােৱাত শৰীৰৰ ওজন ১৯ কিলােগ্রাম হ্রাস কৰিলে।
শৰীৰৰ ওজন যথেষ্ট হ্রাস পােৱাৰ ফলত সম্প্রতি কীমক যথেষ্ট সপ্রতিভ আৰু সুস্বাস্থ্যবান দেখা গৈছে। কীমৰ চেহেৰা ইমানে খিনালে যে বহুতে উত্তৰ কোৰিয়াৰ শাসকৰ শেহতীয়া ফটো দেখিলে চিনি নাপাব।
ব্রিটেইনৰ সংবাদপত্র ‘দ্য ডেইলি ষ্টাৰৰ বাতৰি অনুসৰি, কীমক চিকিৎসকে ওজন হ্রাস কৰিবলৈ পৰামর্শ দিছিল আৰু চিকিৎসকৰ এই পৰামর্শ পালন কৰি উত্তৰ কোৰিয়াৰ শাসকে শৰীৰৰ ওজন বহুখিনি হ্রাস কৰিলে।