পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অব্যাহত আছে প্ৰায় দুশ জনীয়া বনৰীয়া হাতী জাকৰ সন্ত্ৰাস

952aeb90 0d66 42d9 a131 9cea0447a82c

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অব্যাহত আছে বনৰীয়া হাতীৰ বৃহৎ জাকৰ সন্ত্ৰাস। প্ৰায় দুশ জনীয়া হাতীৰ জাক এটাই দিনৰ পোহৰত কুঁহিয়াৰ খেতিৰ মাজত অৱস্থান কৰি নিশা হ’লে মানুহৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান খায় কৰিছে তহিলং।

বনৰীয়া হাতীয়ে শস্য, কুঁহিয়াৰ খেতি আদিও গচকী ভাঙি কৰিছে বিনষ্ট। মুঠতে হাতীৰ বাবেই এতিয়া বিপদত পৰিছে বৃহত্তৰ খেৰণি অঞ্চলৰ ৰাইজ আৰু কৃষকে ।

যোৱা নিশাও বাখ্ৰীভাংগাজান গাঁৱত প্ৰৱেশ কৰি কেবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ বিপৰীতে ভঁৰালৰ ধান খায় তহিলং কৰিছে।

ইতিমধ্যে কেবাটাও পোৱালি হাতীও দেখা গৈছে হাতী জাকটোৰ মাজত। এক কথাত কবলৈ গ’লে খাদ্যৰ সন্ধানত আৰু খাদ্য সংকটত পৰি এতিয়া জনাঞ্চলতেই আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে বৃহত্তৰ খেৰণিত সন্ত্ৰাস সৃষ্টি কৰা বন্যহস্তীৰ জাকটোয়ে ।

আনহাতে খেৰণি বন বিভাগে হাতীৰ জাকটোক জনাঞ্চলৰ খেদি পঠিওৱাত ব্যৰ্থ হোৱাৰ লগতে পৰিছে জটিল সমস্যা আৰু বিপাঙত।

Exit mobile version