প্ৰকৃতি প্ৰদত্ত সৌন্দ্যৰ্যৰে ভৰপূৰ বিশ্বনাথৰ মৌজুলি : গঢ়ি উঠিব পাৰে এক আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰ ৰূপে

Screenshot 20220101 190642 WhatsApp

পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা সত্বেও ৰাজ্যৰ বহুসংখ্যক অঞ্চলত পৰ্যটনৰ আন্তগাথনি গঢ় লৈ উঠা নাই এইপৰ্যন্ত ৷ অবিভক্ত শোণিতপুৰৰ তথা বৰ্তমান বিশ্বনাথ জিলাতো এনে বিভিন্ন অঞ্চল আছে যি সমূহত চৰকাৰী সুদৃষ্টি পৰিলে তথা সুপৰিকল্পিত ভাবে সজাই তুলিলে ৰাজ্যখনৰ একোটা জাকত জিলিকা পৰ্যটন ক্ষেত্ৰলৈ পৰিণত হৈ উঠিব৷

এইক্ষেত্ৰত বিশ্বনাথৰ অসম অৰুনাচল সীমান্তৱৰ্তী বালিচাঙত নৈসৰ্গিক শোভা তথা নিৰ্মল জলপ্ৰবাহেৰে সকলোকে মোহাছন্ন কৰা এক অঞ্চল হৈছে মৌজুলি ৷ ইয়াত থকা প্ৰৱাহিত জলসিঞ্চন আচনিখনো পৰিকল্পিত ভাবে এক পৰ্যটন কেন্দ্ৰৰ ৰূপ দিব পৰাৰ প্ৰচুৰ সম্ভাৱনা আছে ৷

বৰ্তমান বহু লোককে আকৰ্ষণ কৰে এই আঁচনিখনৰ লগতে কাষৰীয়া পৰিৱেশে৷পাহাৰ আৰু সেউজীয়া মনোমোহা প্ৰাকৃতিক পৰিৱেশ এই স্হানৰ অন্যতম আকৰ্ষণ৷ বিভিন্ন স্থানৰ পৰা অহা আলোকচিত্ৰ শিল্পী সকলে এই প্ৰাকৃতিক সম্ভাৰৰ আলোকচিত্ৰ সংগ্ৰহ কৰাৰ উপৰি একাধিক অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিকৰো দৃশ্যগ্ৰহণ হৈছে ইয়াত৷

চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পাহাৰৰ বিভিন্ন উৎসৰ পৰা নিগৰি বৈ অহা ক্ষুদ্ৰ জলধাৰাৰে সৃষ্ট থেবাং নৈখন এই অঞ্চলৰ লগতে প্ৰাকৃতিক পৰিৱেশক স্বৰ্গীয় মাত্ৰা প্ৰদান কৰা মূল উপাদান৷পাহাৰীয়া জুৰিৰ দৰে বৈ আহি ভৈয়ামত মৌজুলি নৈৰ নাম লৈ পৰৱৰ্তী সময়ত ঘিলাধাৰীৰ ৰূপত মহাবাহু ব্ৰহ্মপুত্ৰৰ বিশালতাত বিলীন হৈ পৰিছে৷

চৌদিশে বিভিন্ন চিনাকী অচিনাকী গছ গছনি তথা ফুলৰে ভৰপুৰ প্ৰাকৃতিক পৰিৱেশত বিভিন্ন চৰাই চিৰিকটিৰ কাকলিয়ে সৃষ্টি কৰে মধুৰ পৰিৱেশ৷ইয়াতে থকা মৌজুলি জলসিঞ্চন আঁচনিৰ তথা জলপ্ৰবাহৰ সমীপতে আছে এক শিৱ মন্দিৰ৷

তদুপৰি ইয়াতে এটা পৰিদৰ্শন বঙলাও আছে৷প্ৰায় ১০-১২বিঘা ভূমি সামৰি আৰু বহু মাছ থকা দুটাকৈ জলাশয়ে অনন্য মাত্ৰা প্ৰদান কৰা অঞ্চলটোত পূৰ্বে এক বৃহৎ পুখুৰীও আছিল বুলি স্হানীয় লোকে প্ৰকাশ কৰিছে য’দিও বৰ্তমান এই পুখুৰীৰ কোনো অস্তিত্ব নাই৷সেউজীয়া আৰু বিশাল পৰিধিৰ চাহ বাগিচা তথা শীতকালত কুঁৱলী সনা পৰিৱেশে এক সজীৱ পৰিৱেশৰ সৃষ্টি কৰা মৌজুলিত পূৰ্বে নিৰ্মাণ হোৱা জলসিঞ্চন আচনিখন পৰৱৰ্তী সময়ত উন্নীতকৰনেৰে দুইখলপীয়াকৈ নিৰ্মান কৰা হয়৷

এই আঁচনিখনো বৰ্তমান বহুলোকৰ বাবে এক অন্যতম আকৰ্ষণ ৷ ইয়াৰ পৰা কিছু নিলগৰ মহজুলি পথাৰত নতুনকৈ গঢ় লৈ উঠিছে এক ব্যৱসায়ীক কেন্দ্ৰ৷ প্ৰতিবছৰে জানুৱাৰী মাহত লানি নিচিগাকৈ বনভোজকাৰী দলৰ আগমন ঘটে এই প্ৰাকৃতিক পৰিৱেশৰ অঞ্চললৈ৷

গ্ৰীষ্মকালতো শীতল বতাহে মণ প্ৰাণ জুৰাই যোৱা অঞ্চলটোত একাধিক মন্দিৰ আছে৷উল্লেখযোগ্য যে, জলসিঞ্চন আঁচনিখনৰ পৰিসৰৰ ভিতৰত পৰা বহু ভূমি পৰিত্যক্ত অৱস্থাত আছে ৷ জলসিঞ্চন আচনিখনৰে জড়িত বিভাগীয় কৰ্মচাৰী সকলৰ বাবে থকা বহুকেইটা গৃহত কোনো কৰ্মচাৰী নাথাকে৷

এই প্ৰকৃতিপ্ৰদত্ত অঞ্চলটোক পৰিকল্পিত ভাবে আৰু প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ ৰাখি সজাই তুলিলে এক অন্যতম পৰ্যটন থলি ৰূপে জনপ্ৰিয় হৈ উঠিব বুলি সৰ্বসাধাৰণে মত প্ৰকাশ কৰিছে৷এইক্ষেত্ৰত চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈয়ো ৰাইজে আহ্বান জনাইছে৷

Exit mobile version