Shiva Statue : মূল্য প্রায় ৫০০ কোটি ! বেংকৰ লকাৰৰ পৰা উদ্ধাৰ আঠ ছেমিৰ শিৱলিংগ

1641103848 shiv

বেংকৰ লকাৰৰ পৰা ৫০০ কোটি মূল্যৰ পান্নাৰ শিৱলিংগ উদ্ধাৰ কৰিছে চোৰাংচোৱাই । এই বিপুল মূল্যৰ শিৱলিংগক লৈ হৈ চৈৰ সৃষ্টি কৰিছে চেন্নাইৰ তাঞ্জাভুৰত ।

চেন্নাইৰ চোৰাংচোৱা বিষয়াসকলে গোপন সূত্রে খবৰ লাভ কৰে যে তাঞ্জাভুৰৰ এজন ব্যক্তিৰ কব্জাত এটা প্রাচীন শিৱলিংগ আছে । খবৰ লাভ কৰি আৰক্ষীৰ অতিৰিক্ত ডিজি কে জয়ন্তী মুৰলীয়ে দলেবলে আৰুলানন্দনগৰৰ এনএ ছামিয়াপ্পানৰ ঘৰত তালাচী চলায় ।

৮০ বছৰীয়া ছামিয়াপ্পানক নাপাই তেওঁৰ পুত্ৰ এনএছ অৰুণক সোধপোচ কৰে চোৰাংচোৱাৰ বিষয়াসকলে । তদন্তকাৰীসকলক অৰুণে জনায়, তেওঁৰ পিতৃয়ে বেংকৰ লকাৰত এটা শিৱলিংগ থৈ আহিছে । কিন্তু ইয়াতকৈ বেছি একো‌ জনোৱা নাই বুলি দাবী কৰিছে তদন্তকাৰীৰ দলে ।

ইয়াৰ পাছতেই চোৰাংচোৱা বিষয়াসকলে তদন্ত চলায় স্থানীয় বেংকে । তাৰ পৰা শিৱলিংগটো উদ্ধাৰ কৰে তেওঁলোকে । শিৱলিংগটোৰ বর্তমান বজাৰ মূল্য জানি চমকি উঠে তদন্তকাৰীসকলে ।

ওজন মাত্র ৫৩০ গ্রাম । উচ্চতা আঠ চেন্টিমিটাৰ । বর্তমান মূল্য প্রায় ৫০০ কোটি টকা ।

আৰক্ষীৰ অতিৰিক্ত ডিজিয়ে জনাইছে, শিৱলিংগটো সম্ভৱত দক্ষিণ ভাৰতৰেই কোনো মন্দিৰৰ পৰা চুৰ কৰা । ৮০ৰ দশকৰ শেষৰ ফালে বহু কেইটা প্রাচীন মূর্তি আৰু শিৱলিংগ চুৰিৰ ঘটনা সংঘটিত হৈছে । চুৰ হোৱা সেই শিৱলিংগবোৰৰ ভিতৰত এইটো আছিল নে নাই পৰ্যবেক্ষণ কৰা হৈছে । লগতে ছামিয়াপ্পানক জেৰা কৰি জনাৰ চেষ্টা কৰা হৈছে যে শিৱলিংগটো ক’ৰ পৰা আৰু কেনেদৰে তেওঁ পাইছে । তেওঁ চুৰিৰ ঘটনাৰ লগত জড়িত হয় নে নহয় সেয়াও পৰ্যবেক্ষণ কৰা হ’ব বুলি জনাইছে তদন্তকাৰীসকলে ।

Exit mobile version