বৰপেটা সদৰ থানাৰ অন্তৰ্গত বাংলীপাৰাত ভূমি বিবাদক কেন্দ্ৰ কৰি একেটা পৰিয়ালত সংঘটিত পুনৰ লোমহৰ্ষক ঘটনা

মুমূৰ্ষু অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰা নুৰমহম্মদৰ মৃত্যু, অঞ্চলব্যাপী চাঞ্চল্য

২০২০ৰ ৩১ ডিচেম্বৰত ভূমি বিবাদক কেন্দ্ৰ কৰি নুৰমহম্মদৰ কন্যাক ডেগাৰেৰে ঘপিয়াইছিল নিজ খুৰাৰ পুত্ৰ আমজাদ আলীয়ে । চকুৰ আগতে নিজ কন্যাক ডেগাৰেৰে আঘাত কৰাত দুই ভাতৃক হত্যা কৰিছিল নুৰমহম্মদে । তাৰ পৰিপ্ৰেক্ষিতত নুৰমহম্মদে তিনি মাহ জেল হাজোতত থাকি জামিনত ওলাই আহিছিল । যোৱা ৩০ ডিচেম্বৰত ঘটনাৰ পুনৰাবৃত্তি হৈ দুয়োপক্ষৰ মাজত মাৰপিট হয় । অৱশেষত নুৰুল ইছলাম আৰু তেওঁৰ পৰিয়ালৰ লোকে তালিবানী কায়দাৰে গুৰলাগুৰুলকৈ শাৰীৰিক প্ৰহাৰ কৰি ৰচিৰে হাত-ভৰি বান্ধি মুমূৰ্ষু অৱস্থাত পেলাই থয় নূৰমহম্মদক ।

ঘটনাৰ খবৰ পাই বৰপেটা সদৰ থানাৰ আৰক্ষীয়ে নুৰমহম্মদক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে যদিও দেওবাৰে নুৰমহম্মদে মৃত্যুক আঁকোৱালী লয় । মাত্ৰ ১৭ লেচা মাটিৰ কাৰণেই একেটা পৰিয়ালৰ তিনিজনকৈ লোকৰ প্ৰাণ গ’ল যদিও নুৰুল ইছলাম আৰু নুৰুল ইছলামৰ পৰিয়ালে নুৰমহম্মদৰ লগতে নুৰমহম্মদৰ পৰিয়ালক নানা প্ৰকাৰে দীৰ্ঘদিনৰ পৰাই হাৰাশাস্তি কৰি আহিছিল বুলি স্থানীয় ৰাইজে জনাইছে । এনে অমানৱীয় ঘটনাই অঞ্চলব্যাপী তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰাৰ লগতে বাংলীপাৰা গাঁৱত এক আতংকৰ সৃষ্টি কৰিছে ।

বৰপেটাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও ৰাইজে ইয়াৰ ন্যায়িক তদন্ত সাপেক্ষে দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদানেৰে গাঁওখনত শান্তি প্ৰতিষ্ঠাৰ কামনা কৰিছে ।

Exit mobile version